মাছুদ আজহাৰক সন্ত্ৰাসবাদী ঘোষণা ৰাষ্ট্ৰসংঘৰ

পুলৱামা আক্ৰমণৰ পিছত ভাৰতৰ কূটনৈতিক জয়

news18assam
Updated:May 2, 2019, 7:21 AM IST
মাছুদ আজহাৰক সন্ত্ৰাসবাদী ঘোষণা ৰাষ্ট্ৰসংঘৰ
ফাইল ফটো
news18assam
Updated: May 2, 2019, 7:21 AM IST
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। ৰাষ্ট্ৰসংঘই মাছুদ আজহাৰক সন্ত্ৰাসবাদী ঘোষণা কৰিছে। পুলৱামা আক্ৰমণৰ পিছত ভাৰতৰ কূটনৈতিক জয়ৰূপে বিবেচিত হৈছে এই অগ্ৰগতি। ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদে নিষিদ্ধ কৰিলে সন্ত্ৰাসবাদী মাছুদ আজহাৰক। ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানৰ মুখ থেকেচা।

উল্লেখযোগ্য যে ২০০৯চনত ভাৰতে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা কৰিবলৈ প্ৰস্তাৱ দিছিল। ২০১৬চনত ভাৰতে পুনৰ সুৰক্ষা পৰিষদৰ তিনি সদস্য ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ সৈতে ৰাষ্ট্ৰসংঘত মাছুদ আজহাৰক নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছিল। ২০১৬চনৰ পাঠানকোটৰ বিমান ঘাটিত চলা আক্ৰমণৰ খলনায়ক আছিল এই কুখ্যাত সন্ত্ৰাসবাদীটো। ২০১৭চনত পি–৩ ৰাষ্ট্ৰই পুনৰ একে প্ৰস্তাৱ ৰাষ্ট্ৰসংঘত উত্থাপন কৰে।

প্ৰত্যেকবাৰেই চীনে ভেটো প্ৰদান কৰি পাকিস্তানে পুহি ৰখা সন্ত্ৰাসবাদীটোক সুৰক্ষা দি আহিছিল। কিন্তু পুলৱামা আক্ৰমণৰ পিছত ভাৰতে মাছুদ আজহাৰ সন্ত্ৰাসবাদৰ সৈতে জৰিত থকাৰ শক্তিশালী প্ৰমাণ তুলি ধৰিছিল। চীনে এইবাৰ ভাৰতৰ দাবী নস্যাৎ কৰিব নোৱাৰিলে আৰু দহবছৰে ভাৰতে জৈছ এ মহম্মদৰ মুৰব্বীৰ বিৰুদ্ধে কৰি অহা যুদ্ধখনত জয়ী হ’ল। ভাৰতে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি অহা সন্ত্ৰাসবাদৰ বিৰুদ্ধে কৰি যুদ্ধৰ অংশীদাৰ হ’ল বিশ্বৰ আটাইকেইখন শক্তিশালী দেশ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব মাছুদ আজহাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি