• Home
  • »
  • News
  • »
  • world
  • »
  • Ukrainian Prisoners Photo : ৰাছিয়াই কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া ইউক্ৰেইনৰ এজন সৈনিকৰ দুখন ফটোৱে হতভম্ব কৰিছে বিশ্বক

Ukrainian Prisoners Photo : ৰাছিয়াই কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া ইউক্ৰেইনৰ এজন সৈনিকৰ দুখন ফটোৱে হতভম্ব কৰিছে বিশ্বক

ডায়েনভৰ মুক্তিৰ পিছত ভাইৰেল হোৱা ফটোৱে ৰাছিয়াৰ সেনাৰ বৰ্বৰতা প্ৰকাশ কৰিছে বুলি চৰ্চা হৈছে।

ডায়েনভৰ মুক্তিৰ পিছত ভাইৰেল হোৱা ফটোৱে ৰাছিয়াৰ সেনাৰ বৰ্বৰতা প্ৰকাশ কৰিছে বুলি চৰ্চা হৈছে।

ডায়েনভৰ মুক্তিৰ পিছত ভাইৰেল হোৱা ফটোৱে ৰাছিয়াৰ সেনাৰ বৰ্বৰতা প্ৰকাশ কৰিছে বুলি চৰ্চা হৈছে।

  • Share this:
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ৭ মাহতকৈ অধিক সময় ধৰি চলি থকা যুদ্ধত ৰাছিয়াৰ সৈন্যই  ইউক্ৰেইনৰ কেইবাজনো সৈন্যক কাৰাগাৰত বন্দী কৰি ৰাখিছে। অলপতে ইয়াৰে ২১৫জনক মুকলি কৰি দিয়াৰ পিছত এগৰাকী সৈনিকৰ স্বাস্থ্যৰ অৱস্থাই বিশ্ববাসীক হতভম্ব কৰে।

মাত্ৰ ৪ মাহৰ বন্দিত্বৰ পিছত ৰাছিয়াই মুকলি কৰি দিয়া ইউক্ৰেইনৰ সৈনিক মাইখাইলো ডায়েনভক কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পিছত সৈনিকজনৰ চেহেৰাত হোৱা পৰিৱৰ্তনে সকলোকে আচৰিত কৰি তোলে।

তেওঁৰ পূৰ্বৰ আৰু এতিয়াৰ ফটোৰ ইমানে পাৰ্থক্য আছিল যে তেওঁক চিনাক্ত কৰাটো কঠিন হৈ পৰে। টুইটাৰযোগে প্ৰচাৰ হোৱা এই এই ফটোত ৰাছিয়াই মুকলি কৰি দিয়া মাইখাইলো ডায়েনভক অতি দুৰ্বল ৰূপত প্ৰত্যক্ষ কৰাৰ লগতে হাতত ঘাঁ আৰু মুখ ফুলি থকা দেখা যায়। সংবাদ সংস্থা দ্য ছানৰ প্ৰতিবেদন অনুসৰি সৈনিকজনৰ সোঁহাতত প্ৰায় ৪ চেণ্টিমিটাৰ হাড় নোহোৱা হৈছে।



মাৰিপ'ল চহৰ ৰক্ষা কৰি থকাৰ সময়তে মাইখাইলো ডায়েনভক প্ৰায় ৪ মাহ ধৰি পুটিনৰ সেনাই বন্দী কৰি ৰাখিছিল। ডায়েনভৰ মুক্তিৰ পিছত ভাইৰেল হোৱা ফটোৱে ৰাছিয়াৰ সেনাৰ বৰ্বৰতা প্ৰকাশ কৰিছে বুলি চৰ্চা হৈছে। মাইখাইলোৰ ফটো দেখাৰ পিছত ইউক্ৰেইনৰ এজন সাংবাদিকে কয় যে তেওঁ দেখা কথাখিনি বৰ্ণনা কৰিবলৈ “কোনো শব্দ” নাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি