• Home
  • »
  • News
  • »
  • world
  • »
  • কাৰ দুৰ্ঘটনাৰ সন্মুখীন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি

কাৰ দুৰ্ঘটনাৰ সন্মুখীন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ইউক্ৰেইনে পুনৰ দখল কৰা উত্তৰ-পূব ইউক্ৰেইনৰ এক গুৰুত্বপূৰ্ণ লজিষ্টিক কেন্দ্ৰ ইজুম চহৰ পৰিদৰ্শন কৰাৰ পাছত এই দুৰ্ঘটনাটো সংঘটিত হয়।

  • Share this:
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি এটা কাৰ দুৰ্ঘটনাত পতিত হয়। ৰাষ্ট্ৰপতিগৰাকীৰ মুখপাত্ৰই এই কথা সদৰি কৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ প্ৰশাসনৰ এজন প্ৰেছ সচিব চেৰ্গি নাইকিফৰভে এক চমু বিবৃতিত কয় যে ৰাজধানী কিয়েভত এখন যাত্ৰীবাহী বাহনে ৰাষ্ট্ৰপতিৰ বাহন আৰু তেওঁৰ এছক'ৰ্টৰ সৈতে সংঘৰ্ষত পতিত হয়।

ৰাষ্ট্ৰপতি ভলডিমিৰক এজন চিকিৎসকে পৰীক্ষা কৰাৰ কথা জনোৱাৰ লগতে তেখেতে কোনো গুৰুত্বৰ আঘাত পোৱা নাই বুলি চেৰ্গি নাইকিফৰভে প্ৰকাশ কৰে।

মটৰগাড়ীৰ সৈতে সংঘৰ্ষ হোৱা গাড়ীখনৰ চালকজনক ঘটনাস্থলীত চিকিৎসা কৰা হয় আৰু তেওঁক ততাতৈয়াকৈ এম্বুলেন্সত চিকিৎসালয়লৈ যোৱা হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে। নাইকিফৰভে লগতে কয় যে, পথ দুৰ্ঘটনাটোৰ সকলো পৰিস্থিতি আইন প্ৰৱৰ্তনকাৰী বিষয়াৰ দ্বাৰা তদন্ত কৰা হৈছে।

৪৪ বৰ্ষীয় ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বুধবাৰে ইউক্ৰেইনে পুনৰ দখল কৰা উত্তৰ-পূব ইউক্ৰেইনৰ এক গুৰুত্বপূৰ্ণ লজিষ্টিক কেন্দ্ৰ ইজুম চহৰ পৰিদৰ্শন কৰাৰ পাছত এই দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখযোগ্য যে, ইজুম চহৰত জেলেনস্কিয়ে ৰাছিয়াৰ অধিকাৰীসকলৰ বিৰুদ্ধে দ্ৰুত প্ৰতি-আক্ৰমণত অংশগ্ৰহণ কৰা সৈন্যসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু ইউক্ৰেইনৰ পতাকা উত্তোলন অনুষ্ঠানৰো তদাৰক কৰে।

মন কৰিবলগীয়া কথা যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত ৰাছিয়াই ইউক্ৰেইনৰ বহু ঠাই নিজৰ অধীনস্থ কৰিবলৈ সক্ষম হৈছিল। কিন্তু শেহতীয়া দিনবোৰত, ইউক্ৰেইনৰ সেনাই অধিকৃত অঞ্চল পুনৰ দখল কৰিছে যাৰ ফলত ৰাছিয়াৰ সৈন্যসকল পিছুৱাই যাবলৈ বাধ্য হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি