உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Ukraine War Viral Video : ৰুছ সেনাৰ টেংক ট্ৰেক্টেৰেৰে চুৰ কৰি লৈ গ'ল ইউক্ৰেইনৰ খেতিয়কে, চাওক ভাইৰেল ভিডিঅ'

    Ukraine War Viral Video : ৰুছ সেনাৰ টেংক ট্ৰেক্টেৰেৰে চুৰ কৰি লৈ গ'ল ইউক্ৰেইনৰ খেতিয়কে, চাওক ভাইৰেল ভিডিঅ'

    অষ্ট্ৰিয়াৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ওলেজাণ্ডাৰ শ্বাৰ্বাই শ্বেয়াৰ কৰে এই ভিডিঅ'।

    অষ্ট্ৰিয়াৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ওলেজাণ্ডাৰ শ্বাৰ্বাই শ্বেয়াৰ কৰে এই ভিডিঅ'।

    অষ্ট্ৰিয়াৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ওলেজাণ্ডাৰ শ্বাৰ্বাই শ্বেয়াৰ কৰে এই ভিডিঅ'।

    • Share this:
    যুদ্ধৰ কৰুণ খবৰৰ মাজতে এটা খবৰে সৃষ্টি কৰিছে কিছু হাঁহিৰ খোৰাক। ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ কেইবাখনো চহৰত (Russia-Ukraine War) সঘনাই আক্ৰমণ চলাই থকাৰ সময়ৰ এই ঘটনা। প্ৰায় ১,০০,০০০ ৰাছিয়াৰ সৈন্যই তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লৈ ইউক্ৰেইন সীমান্তত প্ৰৱেশ কৰিছে যদিও বহু গাড়ী তেল শেষ হোৱাৰ পিছত ৰাছিয়াৰ সৈন্যসকলে বাটতে থিয় কৰাই থয়। এনে বহুতো ভিডিঅ' ওলাইছে ছচিয়েল মিডিয়াত। ইয়াৰ মাজতে এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত দেখা গৈছে ইউক্ৰেইনৰ এজন কৃষকে তেওঁৰ ট্ৰেক্টৰেৰে ৰাছিয়ান টেংক এখন চুৰ কৰিছে (a viral video of a Russian tank)।

    অষ্ট্ৰিয়াৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত ওলেজাণ্ডাৰ শ্বাৰ্বাই (Olexander Scherba) শ্বেয়াৰ কৰে এই ভিডিঅ'। ভিডিঅ'ত দেখা গৈছে যে ইউক্ৰেইনৰ এজন কৃষকে আক্ৰমণৰ মাজতে ৰাছিয়ান টেংকখন চুৰি কৰি পলাইছে। এজন ব্যক্তিয়েও ট্ৰেক্টৰৰ সৈতে দৌৰি থকা দেখা গৈছে। ভিডিঅ'টোৰ শিৰোনামটোত লিখা আছে, "যদি সঁচা হয়, ই হ'ব প্ৰথম টেংক, যিটো এজন কৃষকে চুৰি কৰিছে।"





    এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিছত মানুহে যথেষ্ট আনন্দ পাইছে। বহু লোকে কৈছে যে এইটো সঠিক নহ'লেও ই এতিয়াও আমাক হাঁহিবলৈ বাধ্য কৰি আছে। এজন ব্যৱহাৰকাৰীয়ে কৈছিল, "মই আশা কৰোঁ এইটো সঠিক। এই সপ্তাহত ভয়ংকৰ আক্ৰমণ আৰম্ভ হোৱাৰ পিছত মই প্ৰথমবাৰৰ বাবে হাঁহিছোঁ।" আৰু বহুতো ব্যৱহাৰকাৰীয়ে কৈছিল যে তেওঁলোকে ভিডিঅ'টো দেখি হাঁহি ৰখাব পৰা নাছিল (Ukrainian Farmer Stealing A Russian Tank)।





    কিয়েভত ভয়ংকৰ যুঁজ অব্যাহত আছে
    ইফালে, ৰাজধানী কিয়েভক লৈ তীব্ৰ যুঁজ চলি আছে। ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে সোমবাৰে কয় যে কিয়েভৰ পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণত আছে। ইউক্ৰেইনৰ সেনাৰ স্থল বাহিনীয়ে ফেচবুকত পোষ্ট কৰি কয়, "ইউক্ৰেইনৰ সেনাৰ নিয়ন্ত্ৰণত আছে কিয়েভ।" আনহাতে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত আলোচনা বেলাৰুচত চলি আছে।
    Published by:Gautam Barman
    First published: