অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। ৰাছিয়ান সেনাই প্ৰতিদিনে ধ্বংস কৰিছে ইউক্ৰেইনৰ নতুন নতুন চহৰ।
অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। ৰাছিয়ান সেনাই প্ৰতিদিনে ধ্বংস কৰিছে ইউক্ৰেইনৰ নতুন নতুন চহৰ।
অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। ৰাছিয়ান সেনাই প্ৰতিদিনাই ধ্বংস কৰিছে ইউক্ৰেইনৰ নতুন নতুন চহৰ। মৃত্যু মুখত পৰিছে হাজাৰ হাজাৰ লোক। ভুগিছে খাদ্য সংকটত। যুদ্ধৰ অৱসান ঘটাই এক মীমাংসালৈ আহিবলৈ ৰাষ্ট্ৰসংঘত বিশ্বৰ প্ৰায় প্ৰতিখন আগশাৰীৰ দেশেই ঘনে ঘনে আলোচনাত মিলিত হৈছে।
তাৰ মাজতে ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠান Sputnikৰ প্ৰতিবেদন অনুসৰি, ৰাছিয়াই ইউক্ৰেইনত ০৬:০০ জিএমটিৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰি অসামৰিক লোকসকলৰ বাবে মানৱীয় কৰিডৰ মুকলি কৰিছে।
এই সন্দৰ্ভত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে, ৰাছিয়াই শনিবাৰে ইউক্ৰেইনৰ মাৰিয়পোল আৰু ভলনোভাকা চহৰৰ পৰা সাধাৰণ লোকসকলক স্থানান্তৰ কৰিবলৈ আংশিক যুদ্ধবিৰতি ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আনহাতে ভাৰতবৰ্ষইয়ো ৰাছিয়াই অসামৰিক লোকসকলক স্থানান্তৰ কৰিবলৈ মানৱীয় কৰিডৰ স্থাপনৰ বাবে ঘোষণা কৰা যুদ্ধবিৰতিৰ প্ৰতিবেদন নিশ্চিত কৰিছে। বিশেষ সূত্ৰই CNN-News18ক এনেদৰে জনায়।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাষ্ট্ৰসংঘত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীণফিল্ডে কয় যে, ৰাছিয়াৰ সেনাবাহিনী এতিয়া ইউক্ৰেইনৰ দ্বিতীয় সৰ্ববৃহৎ পাৰমাণৱিক কেন্দ্ৰ মাইকলাইভ ওব্লাষ্টৰ য়ুঝনুক্ৰেইনস্ক পাৰমাণৱিক শক্তি কেন্দ্ৰৰ পৰা মাত্ৰ ৩২ কিলোমিটাৰ দূৰত আছে। ইফালে, খাৰকিভত একাধিক বিস্ফোৰণৰ খবৰ পোৱা গৈছে। আৰু আৱাসীসকলক সুৰক্ষাৰ বাবে তেওঁলোকৰ নিকটতম আশ্ৰয় বিচাৰিবলৈ কোৱা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|