• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine Crisis: ইউক্ৰেইনত যি কোনো মুহূৰ্তত ঘোষিত হ'ব পাৰে জৰুৰীকালীন অৱস্থা

Russia-Ukraine Crisis: ইউক্ৰেইনত যি কোনো মুহূৰ্তত ঘোষিত হ'ব পাৰে জৰুৰীকালীন অৱস্থা

Image- Reuters

Image- Reuters

Russia-Ukraine Crisis: ইউক্ৰেইনত যি কোনো মুহূৰ্তত ঘোষিত হ'ব পাৰে জৰুৰীকালীন অৱস্থা

  • Share this:
ইউক্ৰেইন (Ukraine)ত যি কোনো মুহূৰ্তত জৰুৰীকালীন অৱস্থা (State of Emergency) ঘোষিত হ'ব পাৰে। ইউক্ৰেইনৰ শীৰ্ষ নিৰাপত্তা বিষয়াই কৈছে যে ইউক্ৰেইনে ডনেটস্ক আৰু লুহানস্ক (Donetsk and Luhansk) অঞ্চলৰ বাহিৰে সকলো ইউক্ৰেইনীয় অঞ্চলত জৰুৰীকালীন অৱস্থা বলৱৎ কৰিব।

ইউক্ৰেইনৰ শীৰ্ষ নিৰাপত্তা বিষয়াগৰাকীয়ে কয় যে জৰুৰীকালীন অৱস্থা প্ৰথমে ৩০ দিনলৈ ঘোষণা কৰা হ'ব আৰু প্ৰয়োজনসাপেক্ষে আৰু ৩০ দিনৰ বাবে বৃদ্ধি কৰিব পাৰে। ৰয়টাৰে এই বাতৰি প্ৰকাশ কৰিছে। ৰাছিয়াৰ আগ্ৰাসন আৰু আক্ৰমণৰ আশংকাতে জৰুৰীকালীন অৱস্থা ঘোষণাৰ সিদ্ধান্ত লোৱা হৈছে।

ইউক্ৰেইনৰ নিৰাপত্তা পৰিষদে ইতিমধ্যে জৰুৰীকালীন অৱস্থা ঘোষণাৰ বিষয়ত অনুমোদন জনাইছে। আজিৰ ভিতৰতে আনুষ্ঠানিকভাৱে চৰকাৰে এই ঘোষণা কৰিব পাৰে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি