• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine clash: যুদ্ধক্ষেত্ৰত পৰিণত হোৱা ইউক্ৰেইনৰ উত্তৰ-পূৱৰ চুমী অঞ্চলত আৱদ্ধ অসমৰ প্ৰায় ৩৮জন শিক্ষাৰ্থী

Russia-Ukraine clash: যুদ্ধক্ষেত্ৰত পৰিণত হোৱা ইউক্ৰেইনৰ উত্তৰ-পূৱৰ চুমী অঞ্চলত আৱদ্ধ অসমৰ প্ৰায় ৩৮জন শিক্ষাৰ্থী

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে ইউক্ৰেইনত বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে প্ৰায় ২০,০০০ ভাৰতীয়।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে ইউক্ৰেইনত বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে প্ৰায় ২০,০০০ ভাৰতীয়।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে ইউক্ৰেইনত বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে প্ৰায় ২০,০০০ ভাৰতীয়।

  • Share this:
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে ইউক্ৰেইনত বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে প্ৰায় ২০,০০০ ভাৰতীয়। অসম চৰকাৰৰ ফালৰ পৰা জনোৱা মতে, অসমৰো ১০০ৰো অধিক শিক্ষাৰ্থী আৱদ্ধ হৈ আছে। ইয়াৰে গোটেই কেইজন চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী। দেশখনৰ উত্তৰ-পূৱ প্ৰান্তৰ চুমী অঞ্চলতে ৩৮জন অসমৰ শিক্ষাৰ্থী আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। এই অঞ্চলক ৰাছিয়াই আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লৈছে।

ইউক্ৰেইনে ফেব্ৰুৱাৰীৰ ২৪ তাৰিখে আকাশমাৰ্গ বন্ধ কৰি দিয়াৰ পিছত ভাৰতীয়সকলক নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰাত জটিলতাই দেখা দিছে। আজিৰ দিনটোত শিক্ষাৰ্থীসকল গুলী-বাৰুদৰ পৰা হাত সাৰিবলৈ বাংকাৰত আত্মগোপন কৰাৰো খবৰ আহিছে। চুমী ষ্টেট মেডিকেল ইউনিভাৰ্চিটি পঞ্চম বৰ্ষৰ ছাত্ৰ নিলম কলিতাই জনোৱা মতে, ভাৰতীয় দূতাবাস তেওঁলোকৰ সংযোগত আছে। তেওঁ জনোৱা মতে, ছাত্ৰ ছাত্ৰীসকলে তিনি-চাৰিদিনৰ জোখাৰে খাদ্য সামগ্ৰী মজুত ৰাখিছে। আৰু তেওঁলোকক সমীপৰে বাংকাৰ চাবি প্রদান কৰি থোৱা হৈছে।  ইতিমধ্যে বৃহস্পতিবাৰে পুৱা ৰাছিয়াৰ আক্ৰমণ পিছৰ পৰাই বন্ধ হৈ গৈছে শিক্ষা প্ৰতিষ্ঠানসমূহ।

সকলো কূটনৈতিক সম্পৰ্কৰ অন্ত পেলাই ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত ইউক্ৰেইন প্ৰত্যাক্ৰমণ কৰা আৰম্ভ কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপ মহাদেশত এখন দেশৰ আন এখন দেশক আক্ৰমণ কৰাৰ এয়াই সৰ্ববৃহৎ ঘটনা। আজি পুৱা ৰাছিয়াই ইউক্ৰেইনৰ ছেৰন’বিল পাৰমাণবিক কেন্দ্ৰ দখল কৰে। ইয়াতেই ১৯৮৬চনত বিশ্বৰ সৰ্ববৃহৎ পাৰমাণৱিক দুৰ্ঘটনাতো সংঘটিত হৈছিল। তেতিয়া ইউক্ৰেইন ৰাছিয়াৰ অংগ ৰাজ্য আছিল। ইউক্ৰেইনৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠান প্ৰেৰণ কৰা বাতৰি অনুসৰি তীব্ৰগতিত ৰাছিয়াৰ সৈন্য ৰাজধানী চহৰ কিয়েভৰ দিশে অগ্ৰসৰ হৈছে। ইউক্ৰেইনে প্ৰত্যাক্ৰমণত এখন দলং ধ্বংস কৰি ৰাছিয়াৰ সৈন্যৰ গতিৰোধ কৰিবলৈ চেষ্টা কৰিছে।

আমেৰিকাকে ধৰি প্ৰথম বিশ্বৰ বহু ৰাষ্ট্ৰই ৰাছিয়াৰ বিপক্ষে অৰ্থনৈতিক প্ৰতিবন্ধকতা ঘোষণা কৰাৰ পিছতো ৰাছিয়াই আক্ৰমণৰ পৰা পিছ হোঁহকি অহা নাই। উল্লেখযোগ্য যে, চীন দেশে ৰাছিয়াক সমৰ্থনত দিয়া পৰিলক্ষিত হৈছে।
Published by:Himangshu Bhuyan
First published: