• Home
  • »
  • News
  • »
  • world
  • »
  • Who is Volodymyr Zelensky|Ukraine President: এজন কমেডিয়ানে চলাইছে যুদ্ধ বিদ্ধস্ত ইউক্ৰেইনৰ শাসন, জানক সবিশেষ

Who is Volodymyr Zelensky|Ukraine President: এজন কমেডিয়ানে চলাইছে যুদ্ধ বিদ্ধস্ত ইউক্ৰেইনৰ শাসন, জানক সবিশেষ

Who is Volodymyr Zelensky|Ukraine President: পিছে এটা কথা আশ্চৰ্যকৰ যে ইউক্ৰেইনৰ দৰে এখন দেশৰ শাসনৰ বাঘজৰী চম্ভালি আছে এজন কমেডিয়ানে। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সত্য।

Who is Volodymyr Zelensky|Ukraine President: পিছে এটা কথা আশ্চৰ্যকৰ যে ইউক্ৰেইনৰ দৰে এখন দেশৰ শাসনৰ বাঘজৰী চম্ভালি আছে এজন কমেডিয়ানে। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সত্য।

Who is Volodymyr Zelensky|Ukraine President: পিছে এটা কথা আশ্চৰ্যকৰ যে ইউক্ৰেইনৰ দৰে এখন দেশৰ শাসনৰ বাঘজৰী চম্ভালি আছে এজন কমেডিয়ানে। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সত্য।

  • Share this:
এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ইউক্ৰেইন (Ukaine)ৰ ওপৰত। ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰাৰ আগমুহূৰ্তৰ পৰা ইউক্ৰেইন আছে সংবাদৰ শীৰ্ষত। এফালৰ পৰা ইউক্ৰেইনত আগ্ৰাসী আক্ৰমণ কৰিছে ৰাছিয়া (Russia)ই। পিছে এটা কথা আশ্চৰ্যকৰ যে ইউক্ৰেইনৰ দৰে এখন দেশৰ শাসনৰ বাঘজৰী চম্ভালি আছে এজন কমেডিয়ানে (Comedian)। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সত্য যে ইউক্ৰেইনৰ শাসন প্ৰণালীৰ আঁৰত আছে এজন কমেডিয়ান।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক বিশ্বৰ প্ৰায় সকলো লোকেই চিনি পায় কিন্তু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ বিষয়ে কিমানে জানে। পুটিনক পৰাজিত কৰিম বুলি হুংকাৰ দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কী (Volodymyr Zelensky)য়ে। আনকি দেশৰ সেনা আৰু জনতাক অনুপ্ৰাণিত কৰিবলৈ নিজে সেনাৰ পোছাক পিন্ধি ওলাইছে জেলেন্সকীয়ে। কোনোপধ্যে ইউক্ৰেইনৰ স্বাধীনতা আপোচ নকৰোঁ বুলি হুংকাৰ দিয়া এইজন জেলেনস্কীৰ বিষয়ে খুব কম লোকেহে সবিশেষ জানে।

২০১৯ চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল ভলডিমিৰ জেলেনস্কী। কিন্তু ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পূৰ্বে জেলেনস্কী আছিল এগৰাকী কমেডী অভিনেতা। ১৯৭৮ চনত জন্ম গ্ৰহণ কৰা জেলেনস্কীয়ে আইন বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পিছত কৌতুক অভিনেতা ৰূপে আত্মপ্ৰকাশ কৰে। নিজে কভৰটাল ৯৫ (Kavartal 95) নামৰ এটা কোম্পানী খুলি কৌতুক চিনেমা আৰু ধাৰাবাহিক আৰু কেমডী ৰিয়েলিটী শ্বো নিৰ্মাণ কৰে। ছাৰ্ভেণ্ট অৱ দা পিপুল নামে ২০১৫ৰ পৰা ২০১৯লৈ এটা অতি জনপ্ৰিয় শ্বো কৰিছিল জেলেনস্কীয়ে। ২০১৮ চনত কভৰটাল ৯৫ৰ কৰ্মচাৰীসকলে মিলি  ছাৰ্ভেণ্ট অৱ দা পিপুল (Servant of the People) নামেৰেই এট ৰাজনৈতিক দল খুলে আৰু ২০১৯ চনত জেলেনস্কীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয়।

কেমডী ৰিয়েলিটী শ্বো  ছাৰ্ভেণ্ট অৱ দা পিপুলত জেলেন্সকীয়ে এজন বুৰঞ্জীৰ শিক্ষকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল যি ঘটনাক্ৰমে পিছলৈ গৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হয়গৈ। দুৰ্নীতিৰ বিৰুদ্ধে শিক্ষকজনৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। কিন্তু আচৰিত যে কেমেৰাৰ সন্মুখত ৰাষ্ট্ৰপতিৰ অভিনয় কৰা জেলেনস্কী বাস্তৱতো সঁচাকৈয়ে ইউক্ৰেনৰ ৰাষ্ট্ৰপতি  হয়।

কিন্তু জেলনস্কীৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ইউক্ৰেইনৰ ইতিহাসত এক কৰুণ অধ্যায় হৈ ৰোৱাৰ আশংকাই অধিক। ৰাছিয়াৰ আক্ৰমণে এইজন হিৰোক একপ্ৰকাৰ জিৰোলৈ ৰূপান্তৰিত কৰিলে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি