• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine Crisis : মোদীৰ কথা শুনি যুদ্ধ বন্ধ কৰিব পাৰে ৰাছিয়াই, ভাৰতক অনুৰোধ ইউক্ৰেইনৰ

Russia Ukraine Crisis : মোদীৰ কথা শুনি যুদ্ধ বন্ধ কৰিব পাৰে ৰাছিয়াই, ভাৰতক অনুৰোধ ইউক্ৰেইনৰ

ভাৰতৰ বহু শিক্ষাৰ্থী ইউক্ৰেইনত আছে। কেইখনমান বিমানেৰে ভাৰতীয়সকলক ওভতাই অনা হৈছে যদিও বৃহস্পতিবাৰে ভাৰতৰ এখন বিমান এয়াৰস্পেচ বন্ধ হোৱাৰ বাবে মাজপথৰ পৰা ঘূৰি আহিবলৈ বাধ্য হয়।

  • Share this:
ভাৰতৰ ওচৰত যুদ্ধ বন্ধ কৰাৰ আৰ্জি জনালে ইউক্ৰেইনে। ইউক্ৰেইনৰ ফালৰ পৰা কোৱা হৈছে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী বাৰ্তাই শান্ত কৰিব পাৰে ৰাছিয়াক। ৰাছিয়াই মোদীৰ কথা শুনি বন্ধ কৰিব পাৰে যুদ্ধ। সেইবাবে ৰাছিয়াক যুদ্ধ বন্ধ কৰাৰ দাবী জনাবলৈ আহ্বান জনাইছে ইউক্ৰেইনে। ভাৰতলৈ আহিছে এই অনুৰোধ। ভাৰতৰ ফালৰ পৰা কোৱা হৈছে, সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে দেশে।

ইউক্ৰেইনৰ ফালৰ পৰা ভাৰতত থকা ৰাষ্ট্ৰদূত ইগৰ পোলিখাই নৰেন্দ্ৰ মোদীক অনুৰোধ জনাই কৈছে, ৰাছিয়াৰ সৈতে দীৰ্ঘদিন ধৰি ভাল সম্পৰ্ক আছে প্ৰধানমন্ত্ৰীৰ। পৃথিৱীৰ আন দেশৰ নেতৃত্বৰ কথা শুনাৰ বিষয়ত সন্দেহ থাকিলেও মোৰ ধাৰণা হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা ভ্লাডিমিৰ পুটিনে শুনিব।

ভাৰতৰ বহু শিক্ষাৰ্থী ইউক্ৰেইনত আছে। কেইখনমান বিমানেৰে ভাৰতীয়সকলক ওভতাই অনা হৈছে যদিও বৃহস্পতিবাৰে ভাৰতৰ এখন বিমান এয়াৰস্পেচ বন্ধ হোৱাৰ বাবে মাজপথৰ পৰা ঘূৰি আহিবলৈ বাধ্য হয়। বহু লোক আবদ্ধ হৈ আছে দেশখনত। ইউক্ৰেইনৰ থকা ভাৰতীয় দূতাবাসৰ ফালৰ পৰা কোৱা হৈছে কিয়েভলৈ নাযাবলৈ। যিয়ে য’তে আছে তাতেই থাকিবলৈ কোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি