তেহৰানত দুৰ্ঘটনাত পতিত ১৮০জন যাত্ৰী কঢ়িয়াই নিয়া বিমান

News18 Assam | News18-Assam
Updated:January 8, 2020, 9:34 AM IST
তেহৰানত দুৰ্ঘটনাত পতিত ১৮০জন যাত্ৰী কঢ়িয়াই নিয়া বিমান
কাৰিকৰী বিজুতিৰ বাবে উৰণৰ কিছুসময় পিছতে দুৰ্ঘটনাত পতিত হয় বিমানখন।

কাৰিকৰী বিজুতিৰ বাবে উৰণৰ কিছুসময় পিছতে দুৰ্ঘটনাত পতিত হয় বিমানখন।

  • Share this:
ইৰাণৰ তেহৰানত দুৰ্ঘটনাত পতিত হৈছে ইউক্ৰেইনৰ এখন বিমান। তথ্য অনুসৰি, ইউক্ৰেইনৰ বইং–737 বিমানখনত আছিল ১৮০গৰাকী যাত্ৰী। তেহৰানৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰাওনা হোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানৰ যাত্ৰীসকলৰ সন্ধানত আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান।

ইৰাণৰ সংবাদ প্ৰতিষ্ঠানৰ সূত্ৰ অনুসৰি, পুৱা প্ৰায় ৯ বজাত তেহৰানৰ খুমেইনী বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। কাৰিকৰী বিজুতিৰ বাবে উৰণৰ কিছুসময় পিছতে দুৰ্ঘটনাত পতিত হয় বিমানখন।



NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি