তেহৰানত ভয়ংকৰ বিমান দুৰ্ঘটনা, ১৮০জন যাত্ৰীৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত, চাওক VIDEO

News18 Assam | News18-Assam
Updated:January 8, 2020, 10:07 AM IST
তেহৰানত ভয়ংকৰ বিমান দুৰ্ঘটনা, ১৮০জন যাত্ৰীৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত, চাওক VIDEO
সাংকেতিক ফটো

তেহৰানৰ খুমেইনী বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

  • Share this:
ইৰাণৰ তেহৰানত ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে ইউক্ৰেইনৰ এখন বিমান। ইউক্ৰেইনৰ বইং–737 বিমানখনত আছিল ১৮০গৰাকী যাত্ৰী। তেহৰানৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ ৰাওনা হোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানৰ যাত্ৰীসকলৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান।

তেহৰানৰ খুমেইনী বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। কাৰিকৰী বিজুতিৰ বাবে উৰণৰ কিছুসময় পিছতে দুৰ্ঘটনাত পতিত হয় বিমানখন।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি