ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধৰ আশংকাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কূটনৈতিক আলোচনাৰ পোষকতা।
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধৰ আশংকাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কূটনৈতিক আলোচনাৰ পোষকতা।
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধসদৃশ পৰিবেশ বাহাল থকাৰ মাজতে ইউক্ৰেইন নাগৰিকক মাৰণাস্ত্ৰ ৰখাৰ অনুমতি দিয়াৰ দিশে অগ্ৰসৰ হৈছে । বুধবাৰে দেশখনৰ সংসদে নাগৰিকক মাৰণাস্ত্ৰ ৰখাৰ অনুমতি প্ৰদান কৰা আইনখনৰ খচৰাৰ প্ৰথমটো পাঠ্যত অনুমোদন প্ৰদান কৰে।
সংবাদ প্ৰতিষ্ঠান ৰয়টাৰচে উল্লেখ কৰা মতে, সংখ্যাগৰিষ্ঠ সাংসদে নাগৰিকসকলে হাতত অস্ত্ৰ মজুত ৰখাৰ পক্ষত মতপোষণ কৰিছে। সংসদৰ মুখপাত্ৰই এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, দেশ আৰু সমাজৰ স্বাৰ্থত এই আইনখন গৃহীত কৰা হৈছে । বৰ্তমান দেশখনক দেখা দিয়া ভাবুকিৰ কাৰণে এই আইনখনৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও উল্লেখ কৰা হৈছে প্ৰেছ বিজ্ঞপ্তিত ।
অন্যহাতেদি ৰাছিয়াৰ এটা সংবাদ প্ৰতিষ্ঠানে সদৰী কৰা মতে, ৰাছিয়াই ইউক্ৰেইনত কৰ্মৰত উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ বিষয়া সকলক স্বদেশলৈ উভতাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ভাৰতেও ইউক্ৰেইনত কৰ্মৰত আৰু অধ্যয়নৰত নাগৰিক সকলক স্বদেশলৈ অস্থায়ীভাৱে ঘূৰি আহিবলৈ আহ্বান জনাইছে । বুধবাৰে এয়াৰ ইণ্ডিয়াৰ এখন যাত্রীবাহী বিমানত দুশৰো অধিক ভাৰতীয় নাগৰিক ইউক্ৰেইনৰ পৰা দিল্লীলৈ আহে। উল্লেখযোগ্য যে, ইউক্ৰেইনত ভাৰতৰ প্ৰায় ১৬০০০শিক্ষাৰ্থীয়ে বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে ।
মঙলবাৰে ৰাছিয়াই ইউক্ৰেইন দুই স্থানৰ স্বাধীনতাৰ প্ৰস্তাৱত অনুমোদন প্ৰদান কৰে। ইউক্ৰেইনৰ পূব সীমান্তৰ এই দুই অঞ্চলত ৰাছিয়া সমৰ্থিত বিচ্ছিন্নতাবাদী শক্তিয়ে ২০১৪চনতে দখল কৰি আত্মনিয়ন্ত্ৰণ স্থাপন কৰিছিল। এই পদক্ষেপৰ পিছত বুধবাৰে ৰাছিয়াই কূটনৈতিক ৰাস্তাৰে সমস্যা সমাধানৰ পোষকতা কৰিছে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|