• Home
  • »
  • News
  • »
  • world
  • »
  • Boris Johnson Resigns: অৱশেষত পদত্যাগ কৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে

Boris Johnson Resigns: অৱশেষত পদত্যাগ কৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে

কেই‍বাজনো মন্ত্ৰীয়ে তেওঁৰ কেলেংকাৰী জৰ্জৰিত চৰকাৰৰ পৰা পদত্যাগ কৰাৰ পিছতে নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পথ প্ৰশস্ত হয়।

কেই‍বাজনো মন্ত্ৰীয়ে তেওঁৰ কেলেংকাৰী জৰ্জৰিত চৰকাৰৰ পৰা পদত্যাগ কৰাৰ পিছতে নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পথ প্ৰশস্ত হয়।

কেই‍বাজনো মন্ত্ৰীয়ে তেওঁৰ কেলেংকাৰী জৰ্জৰিত চৰকাৰৰ পৰা পদত্যাগ কৰাৰ পিছতে নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পথ প্ৰশস্ত হয়।

  • Share this:
অৱশেষত পদত্যাগ কৰিলে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে। বৃহস্পতিবাৰে পদত্যাগ কৰে কনজাৰভেটিভ পাৰ্টীৰ নেতা বৰিছে। ৫৮ বছৰ বয়সীয়া জনছনে ঘোষণা কৰিছিল, তেওঁৰ নেতৃত্বৰ প্ৰতিবাদত চলিত সপ্তাহত তেওঁৰ দলৰ পৰা কে‍ইবাজনেও পদত্যাগ কৰিছে, সেয়ে তেওঁ পদত্যাগ কৰা উচিত। অৱশ্যে এই পদত আন কোনোবাই দায়িত্ব গ্ৰহণ নকৰালৈ তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাম চলাই যাব। কেই‍বাজনো মন্ত্ৰীয়ে তেওঁৰ কেলেংকাৰী জৰ্জৰিত চৰকাৰৰ পৰা পদত্যাগ কৰাৰ পিছতে নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ পথ প্ৰশস্ত হয়।

১০ ডাউনিং ষ্ট্ৰীটৰ বাহিৰত বৰিছে কয়, ‘‘এয়া সংসদীয় কনজাৰভেটিভ পাৰ্টীৰ ইচ্ছা যে সেই দলৰ এজন নতুন নেতা হোৱা উচিত আৰু সেয়ে এজন নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱা উচিত।’’

প্ৰতিৰক্ষা মন্ত্ৰী বেন ৱালেছ আৰু বিত্ত মন্ত্ৰী হিচাপে ঋষি ছুনকেৰ প্ৰস্থানৰ ফলত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হয় ব্ৰিটেইন চৰকাৰত। সূত্ৰৰ খবৰ অনুসৰি, বৰিছ জনছনৰ পিছত প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত প্ৰথমতে আছে এই দুগৰাকী নেতা।

বেন আৰু ঋষিৰ লগতে পদত্যাগ কৰিছে ছাজিদ জাভিদেও, তেওঁ স্বাস্থ্য সচিবৰ পদত আছিল। বুধবাৰৰ ভিতৰত বৰিছৰ মন্ত্ৰীসভাৰ মুঠ ৩৮জন মন্ত্ৰীয়ে পদত্যাগ কৰিছে। অধিক সংখ্যক মন্ত্ৰী বৰিছৰ আচৰণত বিৰক্ত, তাৰ ভিতৰত লকডাউনৰ নিয়ম ভঙাৰ ঘটনাও আছে। ব্ৰিটেইন গৃহ মন্ত্ৰণালয়ৰ সচিব প্ৰীতি পেটেলেও পদত্যাগ কৰে বুধবাৰে।
Published by:Sanjay Kumar Das
First published: