লণ্ডনৰ জে’লতে থাকিব নীৰৱ মোদী, আদালতে চতুৰ্থ বাৰলৈ নাকচ কৰিলে জামিন আবেদন

কোটি টকা কেলেংকাৰী কৰি লণ্ডনলৈ পলায়ন কৰিছিল হীৰা ব্যৱসায়ী নীৰৱ মোদী, লণ্ডনৰ ৱেষ্টমিনষ্টাৰ কোৰ্টে নাকচ কৰিলে জামিন আবেদন

news18assam
Updated:June 12, 2019, 3:51 PM IST
লণ্ডনৰ জে’লতে থাকিব নীৰৱ মোদী, আদালতে চতুৰ্থ বাৰলৈ নাকচ কৰিলে জামিন আবেদন
কোটি টকা কেলেংকাৰী কৰি লণ্ডনলৈ পলায়ন কৰিছিল হীৰা ব্যৱসায়ী নীৰৱ মোদী, লণ্ডনৰ ৱেষ্টমিনষ্টাৰ কোৰ্টে নাকচ কৰিলে জামিন আবেদন
news18assam
Updated: June 12, 2019, 3:51 PM IST
ভাৰতৰ চৰকাৰী বেংকৰ পৰা কোটি টকা লুণ্ঠন কৰি লণ্ডনলৈ পলায়ন কৰা হীৰা ব্যৱসায়ী নীৰৱ মোদীয়ে মুখ থেকেচা খালে লণ্ডনতো। লণ্ডনৰ ৱেষ্টমিনষ্টাৰ কোৰ্টে চতুৰ্থ বাৰলৈ নাকচ কৰিলে জামিন আবেদন। জামিন নাকচ হোৱাৰ পিছত লণ্ডনৰ জে’লতে থাকিব লাগিব কোটিটকীয়া কেলেংকাৰীৰ অভিযোগত অভিযুক্ত নীৰৱ মোদী।

নীৰৱ মোদীয়ে কেইবাটাও বেংকৰ ১৩ হাজাৰ কোটি টকা লুটি বিগত ১৫ মাহ ধৰি পলাতক আছিল। নীৰৱ মোদীৰ চক্ৰান্তৰ বাবে PNB বেংকৰ আৰ্থিক দুৰৱস্থা হৈছিল আৰু দেশ এৰি পলায়ন কৰিছিল মোদীয়ে। কিন্তু ভাৰত চৰকাৰে নীৰৱ মোদীক স্বদেশলৈ উভতাই আনিবলৈ চেষ্টা চলাইছিল আৰু অৱেশষত লণ্ডনত গ্ৰেপ্তাৰ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি