কোৰোণা সংক্ৰমিতৰ সংখ্যাৰ হিচাপত বিশ্বত চতুৰ্থ স্থানত থকা ব্ৰিটেইনে বৃহস্পতিবাৰে ৱৰ্ক ফ্ৰম হোম শেষ কৰিছে, অৰ্থাৎ এতিয়া সকলোৱে কাৰ্যালয়লৈ আহি কাম কৰিব লাগিব।
বিশ্বত কোৰোণা ভাইৰাছৰ ত্ৰাস এতিয়াও অব্যাহত আছে। ব্ৰিটেইনত কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্টৰ আতংক অব্যাহত আছে। অৱশ্যে, মৃত্যুৰ হাৰ হ্ৰাস পাইছে। ইয়াৰ মাজতে চৰকাৰে কোৰোণাৰ বাধা নিষেধ লাহে লাহে আঁতৰাবলৈ আৰম্ভ কৰিছে। ২৭ জানুৱাৰীৰ পৰা মাস্ক আৰু ৱৰ্ক ফ্ৰম হোম শেষ কৰাৰ কথা ঘোষণা কৰা হৈছে। চৰকাৰে কৈছে যে কোভিড এতিয়া আমাৰ জীৱনৰ অংশ। আমি ইয়াৰ সৈতে সহবাস কৰি জীয়াই থাকিবলৈ শিকিব লাগিব।
কোৰোণা সংক্ৰমিতৰ সংখ্যাৰ হিচাপত বিশ্বত চতুৰ্থ স্থানত থকা ব্ৰিটেইনে বৃহস্পতিবাৰে ৱৰ্ক ফ্ৰম হোম শেষ কৰিছে, অৰ্থাৎ এতিয়া সকলোৱে কাৰ্যালয়লৈ আহি কাম কৰিব লাগিব। বৃহস্পতিবাৰে কোৰোণাত ১,০৭,৩৬৪জন লোক আক্ৰান্ত আৰু ৩৩০জনৰ মৃত্যু হয়, তাৰ পিছতো এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইমানেই নহয় ২৭ জানুৱাৰীৰ পৰা মাস্ক পিন্ধাটোও বাধ্যতামূলক নহ’ব।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয় যে দেশৰ ৭২ শতাংশ আবাদীক কোৰোণা ভেকচিনৰ দুয়োটা ড’জ প্ৰদান কৰা হৈছে, ৫৫ শতাংশক বুষ্টাৰ ড’জ প্ৰদান কৰা হৈছে। এনে অৱস্থাত ৯৫ শতাংশ আবাদীয়ে সংক্ৰমণ বা ভেকচিনৰ প্ৰভাৱৰ বাবে এণ্টিবডীৰ সুৰক্ষা লাভ কৰিছে।
এনেদৰে কোভিডৰ বাধা–নিষেধ আঁতৰাব ব্ৰিটেইনে
– বৃহস্পতিবাৰৰ পৰা স্কুলত শিক্ষাৰ্থীৰ বাবে মাস্ক পিন্ধাৰ বাধ্যবাধকতা আঁতৰিছে।
– ২৭ জানুৱাৰীৰ পৰা কোনো ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক নহ’ব।
– ২৭ জানুৱাৰীৰ পৰা কোভিড পাছৰ প্ৰয়োজনীয়তা শেষ কৰা হ’ব।
– ২৭ জানুৱাৰীৰ পৰা হাস্পতালত ভৰ্তি ৰোগীৰ পৰিয়ালে ৰোগীক সাক্ষাৎ কৰিব পাৰিব।
– দুয়টা পালি গ্ৰহণ কৰা লোকক ব্ৰিটেইনলৈ উভতিলে নিগেটিভ RT-PCR ৰিপ’ৰ্টৰ প্ৰয়োজন নহ’ব।
– ২৪ মাৰ্চৰ পৰা ছেল্ফ আইছ’লেচনৰ বাধ্য বাধকতাও শেষ কৰা হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|