চৰকাৰৰ মতে, অহা মাহত ছিংগল শ্বট ভেকচিনৰ বাবে টিকাকৰণ অভিযানত বৃহৎ অগ্ৰগতি লাভ কৰিব পৰা যাব।
চৰকাৰৰ মতে, অহা মাহত ছিংগল শ্বট ভেকচিনৰ বাবে টিকাকৰণ অভিযানত বৃহৎ অগ্ৰগতি লাভ কৰিব পৰা যাব।
ইউনাইটেড কিংডম চৰকাৰে (UK Government) শুকুৰবাৰে ফাৰ্মা কোম্পানী জনছন এণ্ড জনছনৰ ছিংগল শ্বট ভেকচিন (Single Shot Vaccine)ত অনুমোদন জনায়। স্বাস্থ্য মন্ত্ৰী মেট হেংককে কয়, এই সিদ্ধান্তৰ দ্বাৰা ইউ কেৰ সফল কোৰোণা ভেকচিনেশ্যন কাৰ্যসূচী আৰু অধিক শক্তিশালী হ’ব। এতিয়া আমাৰ ওচৰত চাৰিবিধ সুৰক্ষিত ভেকচিন আছে যাৰ জৰিয়তে মানুহক টিকাকৰণ কৰা হ’ব। চৰকাৰৰ মতে, অহা মাহত ছিংগল শ্বট ভেকচিনৰ বাবে টিকাকৰণ অভিযানত বৃহৎ অগ্ৰগতি লাভ কৰিব পৰা যাব।
ব্ৰিটেইনে এই ভেকচিনৰ ২ কোটি ড’জ অৰ্ডাৰ কৰিছে। আমেৰিকাত হোৱা ট্ৰায়েলত এই ভেকচিনক কম আৰু গুৰুতৰ কোৰোণা সংক্ৰমণ ৰোধত ৭২ শতাংশ কাৰ্যকাৰিতা পোৱা গৈছে। ব্ৰিটেইনে এতিয়ালৈ ৬.২ কোটি ভেকচিনৰ ড’জ প্ৰদান কৰিছে। অধিক সংখ্যক ভেকচিনৰ ড’জ অক্সফ’ৰ্ড–এষ্ট্ৰাজেনেকা আৰু ফাইজাৰৰ। ইয়াৰ উপৰি মাৰ্ডানাৰ ভেকচিনকো অনুমতি প্ৰদান কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|