উবেৰৰ ওপৰত উঠিছে কেব ড্ৰাইভাৰৰ প্ৰচণ্ড খং

এফালে বজাৰৰ পৰা ৬৩ হাজাৰ কোটি টকা সংগ্ৰহৰ যো–জা উবেৰৰ আনফালে আন্দোলনত নামিছে উবেৰ ড্ৰাইভাৰ। 

news18
Updated:May 9, 2019, 4:02 PM IST
উবেৰৰ ওপৰত উঠিছে কেব ড্ৰাইভাৰৰ প্ৰচণ্ড খং
এফালে বজাৰৰ পৰা ৬৩ হাজাৰ কোটি টকা সংগ্ৰহৰ যো–জা উবেৰৰ আনফালে আন্দোলনত নামিছে উবেৰ ড্ৰাইভাৰ। 
news18
Updated: May 9, 2019, 4:02 PM IST
আমেৰিকান এপ বেচ্ কেব চাৰ্ভিচ উবেৰে অহা ১০ মে তাৰিখে ৬৩ হাজাৰ কোটি টকাৰ আইপিঅ’ অনাৰ সিদ্ধান্ত লৈছে । যাৰফলত এতিয়া দূৰত্ব বৃদ্ধি হৈছে কোম্পানী আৰু কেব ড্ৰাইভাৰ সকলৰ মাজত । কম উপাৰ্জন আৰু শেহতীয়া অনাকাংক্ষিত কৰ্ম পৰিৱেশৰ বাবে ব্ৰিটেইন আৰু আমেৰিকাৰ বিভিন্ন চহৰত উবেৰ ড্ৰাইভাৰ সকলে নিজ কোম্পানীৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । ড্ৰাইভাৰ সকলৰ মন্তব্য অনুসৰি তেঁওলোকে এতিয়াৰ পৰা সৰ্বসাধাৰণক উবেৰ এপ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ প্ৰচাৰ চলাব ।

পাঁচ বছৰৰ ভিতৰত সবাতোকৈ ডাঙৰ আইপিঅ’ লোৱাৰ প্ৰস্তুতি চলাইছে উবেৰে
১০ মেত উবেৰে আনিব পাৰে এই আইপিঅ’ । যাৰ জৰিয়তে ৬৩ হাজাৰ কোটি টকা সংগ্ৰহ কৰিব উবেৰে । ইয়াৰ আগতে চীনৰ ই–কমাৰ্চ কোম্পানী 'অলিবাবা' ই ১.৭৪ লাখ কোটি টকা সংগ্ৰহ কৰিছিল । উবেৰৰ এই আইপিঅ’ আমেৰিকাৰ শীৰ্ষ ১০ টা আইপিঅ’ৰ ভিতৰত এটা ।

ড্ৰাইভাৰ সকলৰ প্ৰতিবাদৰ চলি থকাৰ মাজতে উবেৰ কৰ্তৃপক্ষই কয় যে চালক সকলৰ কাৰণেই তেওঁলোকৰ এই সেৱা ভালদৰে চলি আছে । কোম্পানীয়ে সদায় চালক সকলৰ হিতৰ বাবেই কাম কৰি যাব ! উল্লেখযোগ্য যে ভাৰত তথা অসমতো কেব চালকসকলে বিভিন্ন সময়ত উবেৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আহিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি