உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • DubaiCoin: মুকলিৰ পিছতেই ১০০০%তকৈ অধিক বৃদ্ধি পালে ডুবাইৰ প্ৰথমটো cryptocurrency, জানো আহক ইয়াৰ কি বিশেষত্ব ?

    DubaiCoin: মুকলিৰ পিছতেই ১০০০%তকৈ অধিক বৃদ্ধি পালে ডুবাইৰ প্ৰথমটো cryptocurrency, জানো আহক ইয়াৰ কি বিশেষত্ব ?

    অতি শীঘ্ৰে অনলাইন আৰু অফলাইন সামগ্ৰী আৰু সেৱা পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব DubaiCoin ।

    অতি শীঘ্ৰে অনলাইন আৰু অফলাইন সামগ্ৰী আৰু সেৱা পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব DubaiCoin ।

    অতি শীঘ্ৰে অনলাইন আৰু অফলাইন সামগ্ৰী আৰু সেৱা পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব DubaiCoin ।

    • Share this:

    ডুবাইয়ে ইয়াৰ প্ৰথম ক্ৰিপ্টোকাৰেন্সী ডুবাইকইন (DubaiCoin অৰ্থাৎ DBIX) মুকলি কৰিছে। মুদ্ৰাটোৱে ৰাজহুৱা ব্লকচেইনৰ ওপৰত আধাৰিত কিছু নিৰ্বাচিত এক্সচেঞ্জত ব্যৱসায় কৰি আছে। ইয়াৰ অৰ্থ হৈছে মানুহে নিজৰ DubaiCoin জেনেৰেট কৰিব পাৰে ।


    Crypto.comৰ মতে, বিগত ২৪ ঘণ্টাত DubaiCoin ১০০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। DubaiCoinএ ২৭ মে'ৰ বিয়লি ৪ বজাত ১.১৩ ডলাৰত ব্যৱসায় কৰি আছিল, যি ইয়াৰ মূল মূল্যৰ ০.১৭ শতাংশতকৈ যথেষ্ট বেছি।


    এইটো মুদ্ৰা সংযুক্ত আৰৱ আমিৰাৰ কোম্পানী আৰবিয়ানচেইন টেকন'লজীৰ দ্বাৰা মুকলি কৰা হৈছে। ৰাজহুৱা ব্লকচেইনৰ ওপৰত আধাৰিত আৰৱ দেশসমূহৰ এইটো প্ৰথম কইন।


    কোম্পানীটোৱে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, "DubaiCoin অতি সোনকালে অনলাইন আৰু অফলাইন সামগ্ৰী আৰু সেৱা পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। এইটোৱে স্পষ্টভাৱে ইংগিত দিয়ে যে কোম্পানীটোৱে পৰম্পৰাগত বেংক সমৰ্থিত মুদ্ৰাৰ ঠাইত এই মুদ্ৰাটো ব্যৱহাৰ কৰিব বিচাৰে। নতুন ডিজিটেল মুদ্ৰাৰ প্ৰচলন চহৰ আৰু কৰ্তৃত্বপ্ৰাপ্ত দালালৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হ'ব।"


    UAEক ক্ৰিপ্টোকাৰেন্সীৰ বাবে আটাইতকৈ সুৰক্ষিত বুলি গণ্য কৰা হয়। আনকি ভাৰতৰ কোভিড-১৯ ৰিলিফ ফাণ্ড - ইণ্ডিয়া কোভিড ৰিলিফ ফাণ্ডে শেহতীয়াকৈ ডুবাইত এটা কোম্পানী গঠন কৰিছে যাৰ উদ্দেশ্য হৈছে দান হিচাপে পোৱা ক্ৰিপ্টোকাৰেন্সী বিনিময় কৰা। অৱশ্যে, DubaiCoin আন ক্ৰিপ্টোকাৰেন্সীতকৈ অলপ বেলেগ হ'ব।


    DubaiCoin ৰাজহুৱা ব্লক চেইনৰ ওপৰত আধাৰিত গতিকে আৰৱ চেইনে ইয়াৰ মূল্য নিয়ন্ত্ৰণ কৰিব নে নাই সেয়া স্পষ্ট নহয়। ই কইন দিৰহামৰ সৈতে কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা (CBDC) হিচাপে নিজৰ ছাপ ৰাখিব পাৰে।


    ডুবাইত থকাৰ বাবে, ক্ৰিপ্টোকাৰেন্সী দীৰ্ঘম্যাদী হৈ থাকিব পাৰে কিয়নো দিৰহাম ডলাৰৰ তুলনাত স্থিৰ থাকে।


    DubaiCoin ঠিক CBDCৰ দৰে নহ'ব। কিন্তু ই চীনৰ চৰকাৰী ডিজিটেল মুদ্ৰা ইউয়ানৰ দৰে হ'ব পাৰে, যাক বৰ্তমান তাত পৰীক্ষা কৰি থকা হৈছে। আমেৰিকা যুক্তৰাজ্য, ভাৰত আৰু ইউৰোপীয় ইউনিয়নত চৰকাৰী মুদ্ৰাৰ ডিজিটেল সংস্কৰণ (Fiat Currencies) বিবেচনা কৰা হৈছে।



    Published by:Kokil Sarma
    First published: