অনলাইন ভিক্ষা মাগি ১৭ দিনত ৩৫ লাখ টকা উপাৰ্জন ডুবাইৰ মহিলাৰ

মহিলাৰ দুখৰ কাহিনী শুনি সকলোৰে হৃদয়ে কান্দিছিল, কিন্তু প্ৰাক্তন স্বামীয়ে খুলিলে মুখা।

Dulu Medhi | news18assam
Updated:June 11, 2019, 2:28 PM IST
অনলাইন ভিক্ষা মাগি ১৭ দিনত ৩৫ লাখ টকা উপাৰ্জন ডুবাইৰ মহিলাৰ
ফাইল ফটো
Dulu Medhi | news18assam
Updated: June 11, 2019, 2:28 PM IST
ভিক্ষা মাগিবলৈ ব্যৱহাৰ ছচিয়েল মিডিয়া। ডুবাইত এগৰাকী মহিলাই অনলাইন ভিক্ষা মাগি ১৭ দিনত উপাৰ্জন কৰিছে ৩৫ লাখ টকা(৫০ হাজাৰ ডলাৰ)। দুখদায়ক পোষ্ট আৰু ফটো ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি মহিলাগৰাকীয়ে জালত পেলাইছিল বহু লোকক। মহিলাৰ দুখৰ কাহিনী শুনি সকলোৰে হৃদয়ে কান্দিছিল। ১৭ দিনত ৩৫ লাখ টকা উপাৰ্জন কৰিছিল কিন্তু প্ৰাক্তন স্বামীয়ে খুলিলে মুখা। এতিয়া জে’লৰ ভাত খাই আছে প্ৰৱঞ্চক মহিলা।

UAEৰ বাতৰিকাকত ‘খলীজ টাইম্ছ’ৰ ৰিপ’ৰ্ট অনুসৰি ডুবাই আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ বিষয়া জমাল অল চালেম অল জল্লাফে ক’লে যে মহিলাগৰাকীয়ে অনলাইন একাউণ্ট খুলি আৰু নিজৰ সন্তানৰ ফটো শ্বেয়াৰ কৰিছিল। ঘৰুৱা হিংসাৰ বলি হোৱা বুলি কয় আৰু সন্তানৰ লালন–পালনৰ বাবে খুজিছিল সহায়।

দুখৰ কাহিনী শুনাই ঠগিছিল লোকক

বিষয়া অল জল্লাফে ক’লে, মহিলাগৰাকীয়ে ছচিয়েল মিডিয়াত কৈছিল যে তেওঁ বিবাহবিচ্ছেদ মহিলা আৰু সন্তানৰ বাবে প্ৰয়োজন ধনৰ। কিন্তু প্ৰাক্তন স্বামীয়ে আৰক্ষীক জনালে মহিলাগৰাকী যে প্ৰৱঞ্চক। স্বামীয়ে প্ৰমাণ কৰিলে সন্তান তেওঁৰ লগত হে আছিল।’

ভিক্ষা মাগিবলৈ আইডিয়া পালে ক্ৰাউড ফাণ্ডিঙৰ পৰা
নিৰ্বাচনত JNUৰ প্ৰাক্তন ছাত্ৰ কানহায়া কুমাৰ আৰু AAP নেতা আতিশীসহ কেইবাগৰাকীও প্ৰাৰ্থীয়ে অনলাইন প্লেটফৰ্মত দানৰ আবেদন জনাইছিল আৰু পাইছিলো। সেই একেদৰে বিদেশতো অনলাইন দান এটা বৃহৎ প্লেটফৰ্ম, ক্ৰাউড ফাণ্ডিঙৰ নামেৰে ইয়াক জনা যায়। এই সুবিধা ব্যৱহাৰ কৰি অনলাইন ভিক্ষাৰ আবেদন জনাইছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি