• Home
  • »
  • News
  • »
  • world
  • »
  • ১২ মহলাৰ পৰা সৰি পৰিল এটি ২ বছৰীয়া শিশু, হিৰ’ৰ দৰে প্ৰাণ বচালে ডেলিভাৰী বয়ে! চাওক ভিডিঅ’

১২ মহলাৰ পৰা সৰি পৰিল এটি ২ বছৰীয়া শিশু, হিৰ’ৰ দৰে প্ৰাণ বচালে ডেলিভাৰী বয়ে! চাওক ভিডিঅ’

সামান্য আঘাতৰ বাদে কোনো ক্ষতি হোৱা নাই বুলি জনা গৈছে শিশুটিৰ।

সামান্য আঘাতৰ বাদে কোনো ক্ষতি হোৱা নাই বুলি জনা গৈছে শিশুটিৰ।

সামান্য আঘাতৰ বাদে কোনো ক্ষতি হোৱা নাই বুলি জনা গৈছে শিশুটিৰ।

  • Share this:
ৰাখে হৰি মাৰে কোনে। এই প্ৰবাদ পুনৰ প্ৰমাণিত হ’ল। মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰি আহিল এটি ২ বছৰীয়া কণমানি। ঘটনাটো সংঘটিত হৈছে ভিয়েটনামৰ হানোই চহৰত।

সম্প্ৰতি এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ১২ মহলাৰ বেলকনিৰ পৰা তললৈ সৰি পৰিছিল এটি কণমানি শিশু। সেই সময়তে এখন ট্ৰাকত সামগ্ৰী ডেলিভাৰী দিবলৈ আহিছিল এজন ডেলিভাৰী বয়। হঠাৎ তেওঁ ওপৰলৈ চাই দেখিলে যে এটি শিশু বেলকনিত ওলমি আছে। তেওঁ ততাতৈয়াকৈ গাড়ীৰ পৰা নামি আহে। আৰু ঠিক সেই সময়তে বেলকনিৰ পৰা সৰি পৰে শিশুটি। কিন্তু ভাগ্য ভাল আছিল শিশুটিৰ। ডেলিভাৰী বয়জনে থাপ মাৰি ধৰি প্ৰাণ ৰক্ষা কৰিলে কণমানিটিৰ। সামান্য আঘাতৰ বাদে কোনো ক্ষতি হোৱা নাই বুলি জনা গৈছে শিশুটিৰ।



৩১ বছৰীয়া যুৱকজনে জনায়, গাড়ীৰ ভিতৰৰ পৰা এটি শিশুৰ কন্দাৰ শব্দ শুনিছিল তেওঁ। সেয়ে গাড়ীৰ পৰা নামি আহে। কিন্তু ওচৰে–পাজৰে কোনো শিশু নাছিল। সেই সময়তে তেওঁ গম পালে যে শব্দটো ওপৰৰ পৰা আহিছে। ওপৰলৈ চাই দেখে এটি শিশু বেলকনিত ওলমি আছে। তাৰ পিছতে তেওঁ মন স্থিৰ কৰে যে যেনেকৈ নহওক শিশুটিক বচাব লাগিব। সৌভাগ্যক্ৰমে শিশুটি তেওঁৰ হাতত আহি পৰে।

শিশুটিক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসা চলিছে। আৰু সেই ডেলিভাৰী বয়জন মুহূৰ্তৰ ভিতৰতে বাস্তৱৰ হিৰ’ হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published: