দুগৰাকী যমজ কন্যাৰ জন্ম, কিন্তু মাতৃ বেলেগ-বেলেগ! জানক কিদৰে হ’ল এই চমত্‍কাৰ?

News18 Assam | News18-Assam
Updated:December 20, 2020, 2:32 PM IST
দুগৰাকী যমজ কন্যাৰ জন্ম, কিন্তু মাতৃ বেলেগ-বেলেগ! জানক কিদৰে হ’ল এই চমত্‍কাৰ?
চিকিত্‍সকৰ অনুসন্ধানত জানিব পৰা গ’ল যে, Kelsi Pierceৰ ফেল’পিয়ান টিউবত ব্লক আছে। নিজৰ কন্যাৰ কষ্ট দেখি ৫২ বছৰীয়া মাতৃ লিচা ৰাডাৰফৰ্ডো মিছিগানৰ পৰা আহি উপস্থিত হ’ল।

চিকিত্‍সকৰ অনুসন্ধানত জানিব পৰা গ’ল যে, Kelsi Pierceৰ ফেল’পিয়ান টিউবত ব্লক আছে। নিজৰ কন্যাৰ কষ্ট দেখি ৫২ বছৰীয়া মাতৃ লিচা ৰাডাৰফৰ্ডো মিছিগানৰ পৰা আহি উপস্থিত হ’ল।

  • Share this:
যমজ সন্তান জন্ম হোৱাতো সাধাৰণ কথা। কিন্ত আমেৰিকাৰ এই ঘটনা অসাধাৰণ। যমজ সন্তানৰ জন্ম হ’ল কিন্তু দুই যমজ কন্যাৰ মাতৃ বেলেগ বেলেগ। এই কাহিনী ৩১ বছৰীয়া মহিলা Kelsi Pierceৰ, যি মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব পৰা নাছিল। তেওঁ বহুত চেষ্টা কৰিলে, কিন্তু শাৰীৰিক অক্ষমতাৰ বাবে গৰ্ভভাৰণ কৰিব পৰা নাছিল। ইয়াৰ বাবে তেওঁৰ মাতৃ লিচা সহায়ৰ বাবে আগবাঢ়ি আহিল। আৰু নিজৰ কন্যাৰ বাবে গৰ্ভধাৰণ কৰাৰ পথ বাছি ল’লে। আৰু ইয়াৰ পিছতে চিকিত্‍সকৰ প্ৰচেষ্টাত কেলচীও গৰ্ভৱতী গৈ গ’ল।

কেলছীয়ে চিকিত্‍সকৰ সহায় লোৱাৰ পিছতো সফলতা লাভ কৰা নাছিল। ইয়াৰ পিছত তেওঁ টেষ্ট কৰাৰ কথা চিন্তা কৰিলে। পৰীক্ষাত ধৰা পৰিল যে, কেলচীৰ আল্ট্ৰ’জন স্তৰ যথেষ্ট কম। আৰু তেওঁ সন্তান জন্ম দিবনলৈ শাৰীৰিক ভাবে সক্ষম নহয়। চিকিত্‍সকৰ অনুসন্ধানত ধৰা পৰিল যে, কেলচীৰ ফেল’পিয়ান টিউবত ব্লক আছে। নিজৰ কন্যাৰ কষ্ট দেখি ৫২ বছৰীয়া মাতৃ লিচা ৰাডাৰফৰ্ডো মিছিগানৰ পৰা আহি উপস্থিত হ’ল।

লিচাই এখন মেগাজিনত পঢ়িছিল যে কিদৰে এগৰাকী ৫০ বছৰীয়া মহিলাই নিজৰ কন্যাৰ বাবে গৰ্ভধাৰণ কৰিছিল। দ্যা’ মিৰৰৰ ৰিপৰ্ট অনুসৰি, কেলচীয়ে কৈছে যে, তেওঁক মাতৃয়ে এইদৰে সহায় কৰিবলৈ ইচ্ছা কৰিলে। কেলচীৰ প্ৰথমে এই কথাত হাঁহি উঠিছিল। কিন্তু পিছত মাতৃৰ চিন্তা ধাৰাই তেওঁৰ মনত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে।

লীজাক কেলচী আৰু তেওঁৰ স্বামীৰ এম্ব্ৰায়ো দিয়া হ’ল। আৰু মাৰ্চ মাহত কেলচী গৰ্ভৱতী হ’ল। ইয়াৰ পিছতে সেই বছৰেই মাতৃ আৰু কন্যা দুয়ো গৰ্ভৱতী হ’ল। পিছে কেলছীৰ এই কথা অত্যন্ত আশ্বৰ্যজনক। কিছু সময়ৰ পূৰ্বে দুয়োগৰাকীয়ে দুগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে।
Published by: Himangshu Bhuyan
First published: December 20, 2020, 2:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading