• Home
  • »
  • News
  • »
  • world
  • »
  • এসময়ৰ আক্ৰমণকাৰী তালিবানক কোনে কৰি আছে আক্ৰমণ, জালালাবাদত আজিও নিহত ২ তালিবান

এসময়ৰ আক্ৰমণকাৰী তালিবানক কোনে কৰি আছে আক্ৰমণ, জালালাবাদত আজিও নিহত ২ তালিবান

এই জালালাবাদতে আজি কিছুদিনৰ পৰা তালিবান সদস্যসকলক লক্ষ্য কৰি একাধিক আক্ৰমণ কৰা হৈছে।

এই জালালাবাদতে আজি কিছুদিনৰ পৰা তালিবান সদস্যসকলক লক্ষ্য কৰি একাধিক আক্ৰমণ কৰা হৈছে।

এই জালালাবাদতে আজি কিছুদিনৰ পৰা তালিবান সদস্যসকলক লক্ষ্য কৰি একাধিক আক্ৰমণ কৰা হৈছে।

  • Share this:

এসময়ৰ আক্ৰমণকাৰীৰ ৰূপত দেখিবলৈ পোৱা তালিবানৰ ওপৰত এতিয়া চলিবলৈ ধৰিছে আক্ৰমণ। আফগানিস্তানত ক্ষমতা দখলৰ পিছতে সন্দেহযুক্ত আইছিছ (কে)ৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে তালিবান। আজি বুধবাৰেও আফগানিস্তানৰ নানগাৰহাৰ প্ৰদেশৰ ৰাজধানী জালালাবাদত এই আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত দুজন তালিবান যুঁজাৰু আৰু এজন অসামৰিক লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।


এই জালালাবাদতে আজি কিছুদিনৰ পৰা তালিবান সদস্যসকলক লক্ষ্য কৰি একাধিক আক্ৰমণ কৰা হৈছে, য'ত মৃত্যুমুখত পৰিছে তালিবান। বহু বছৰ ধৰি নানগাৰহাৰ প্ৰদেশক উগ্ৰপন্থী গোট ইছলামিক ষ্টেট (আইএছ)ৰ আফগান শাখাৰ মুখ্য আধাৰ হিচাপে জনা যায়।


উল্লেখ্য কাবুল ১৫ আগষ্টত তালিবানৰ হাতলৈ আহিছিল আৰু ২৬ আগষ্টতে আইছিছে আফগানিস্তানৰ ৰাজধানী কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আৰু সাধাৰণ লোকসকলক কাবুলৰ পৰা উলিয়াই নিয়াৰ সময়ত এক আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত কৰে। এই আক্ৰমণত ১৩ জন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যসহ প্ৰায় ২০০ জন লোক নিহত হৈছিল।


ইয়াৰ পিছত তালিবানৰ হাতত ক্ষমতা যোৱাৰ পিছত আইএছে আফগানিস্তানত একাধিক আক্ৰমণ চলাই আছে। যোৱা শনিবাৰ আৰু দেওবাৰেও ধাৰাবাহিক বোমা আক্ৰমণৰ সন্মুখীন হৈছিল তালিবান।


আনহাতে, চৌদি আৰৱৰ বৈদেশিক মন্ত্ৰী প্ৰিন্স ফৈজল বিন ফাৰহান আল চাউদে সোমবাৰে মন্তব্য কৰিছিল যে আফগানিস্তানত আল-কায়দা, আই এছ আৰু তালিবানৰ উত্থান সঁচাকৈয়ে চিন্তাৰ বিষয়। অৱশ্যে, তালিবানে দাবী কৰে যে তেওঁলোকৰ দেশত কোনো আই এছ বা আল-কায়দা উগ্ৰপন্থী নাই। এনেস্থলত বাৰে বাৰে আক্ৰমণ কোনে কৰি আছে তালিবানক, তাক লৈ সৃষ্টি হৈছে ৰহস্য।

Published by:Gautam Barman
First published: