• Home
  • »
  • News
  • »
  • world
  • »
  • বিমানত ঠাই নাপাই চকাত উঠি লৈছিল, কিন্তু মাজ আকাশৰ পৰা সৰি পৰি মৃত্যু দুই দুৰ্ভগীয়া আফগানৰ, চাওক ভিডিঅ'

বিমানত ঠাই নাপাই চকাত উঠি লৈছিল, কিন্তু মাজ আকাশৰ পৰা সৰি পৰি মৃত্যু দুই দুৰ্ভগীয়া আফগানৰ, চাওক ভিডিঅ'

দুয়োজন মানুহ আৱাসিক এলেকাত পৰাত ঠাইখিনিত প্ৰচণ্ড শব্দ হয়।

দুয়োজন মানুহ আৱাসিক এলেকাত পৰাত ঠাইখিনিত প্ৰচণ্ড শব্দ হয়।

দুয়োজন মানুহ আৱাসিক এলেকাত পৰাত ঠাইখিনিত প্ৰচণ্ড শব্দ হয়।

  • Share this:

আফগানিস্তানত তালিবানৰ দখল আৰম্ভ হোৱাৰ লগে লগে ভয়াৱহ দৃশ্য পৰিলক্ষিত হৈছে দেশখনত। এনে পৰিস্থিতিত এতিয়া বহু আফগান নাগৰিকে যিমান সোনকালে পাৰে দেশ এৰিব বিচাৰিছে। দেশ এৰাৰ বাবে ভিৰ কৰিছে বিমান বন্দৰত। ইয়াৰ মাজতে আজি এক লোমহৰ্ষক ঘটনা ঘটে কাবুল বিমানবন্দৰৰ পৰা উৰা মৰা এখন এৰোপ্লেনত।


তালিবানৰ ভয়ত দেশ এৰিবলৈ দুগৰাকী লোকে বিমানত ঠাই নাপাই চকাৰ ওপৰ অংশত টানকৈ ধৰি লয়। কিন্তু বিমানে উৰা মৰাৰ খন্তেক পিছতে আকাশৰ পৰা সৰি পৰি প্ৰাণত্যাগ কৰে। এই মৰ্মান্তিক ঘটনাৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। দুয়োজন মানুহ আৱাসিক এলেকাত পৰাত ঠাইখিনিত প্ৰচণ্ড শব্দ হয়।





উল্লেখ্য, ৰাষ্ট্ৰপতি আশ্ৰফ গনিয়ে দেওবাৰে কাবুলত তালিবানৰ প্ৰৱেশৰ আগেয়ে দেশ ত্যাগ কৰিছিল। এতিয়া আফগানিস্তানৰ ভৱিষ্যতক লৈ অস্থিৰতাৰ আশংকা প্ৰকট হৈছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি