• Home
  • »
  • News
  • »
  • world
  • »
  • ৰাখে হৰি মাৰে কোনে! পাকিস্তানৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা দুজনৰ, এতিয়া দুয়োজন বিপদমুক্ত

ৰাখে হৰি মাৰে কোনে! পাকিস্তানৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা দুজনৰ, এতিয়া দুয়োজন বিপদমুক্ত

শনিবাৰে লহোৰৰ পৰা কৰাচীলৈ উৰা মৰা পাকিস্তানৰ এখন ঘৰুৱা  বিমান অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল

শনিবাৰে লহোৰৰ পৰা কৰাচীলৈ উৰা মৰা পাকিস্তানৰ এখন ঘৰুৱা  বিমান অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল

শনিবাৰে লহোৰৰ পৰা কৰাচীলৈ উৰা মৰা পাকিস্তানৰ এখন ঘৰুৱা  বিমান অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল

  • Share this:
কৰাচীৰ শিহৰণকাৰী বিমান দুৰ্ঘটনাত অতি কমেও দুজন লোকৰ প্ৰাণ ৰক্ষা পৰিছে। শনিবাৰে লহোৰৰ পৰা কৰাচীলৈ উৰা মৰা পাকিস্তানৰ এখন ঘৰুৱা  বিমান অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল। বিমান খন এক জনবসতি এলেকাত চূৰ্ণ বিচূৰ্ণ হৈ ভাগি পৰে । পাইলত আৰু কেবিন ক্ৰীও সহ ৯৯ জন লোক কঢ়িয়াই লৈ যোৱা বিমান খনত পোনতে সকলো লোকৰ মৃত্যু হ’ল বুলি ভবা হৈছিল। কৰাচীৰ মেয়ৰ ৱাসীম আখটাৰেও সকলো লোকৰ মৃত্যু হৈছে বুলি জানিবলৈ দিছিল।

কিন্তু পাকিস্তানৰ পৰা শেষ নিশা PTI ৰ সাংবাদিকে জনোৱা মতে, অতি কমেও দুজন লোকৰ প্ৰাণ ৰক্ষা পৰিছ । তাৰে এজন বেংক অৱ পাঞ্জাৱৰ মুখ্য কাৰ্যবাহী বিষয়া জাফৰ মাছুদ। প্ৰাণ ৰক্ষা পৰা আন জন যাত্ৰী হৈছে মহম্মদ জুবেৰ। বিমান খন সম্পূৰ্ণ ৰূপে জ্বলি যোৱাৰ বিপৰীতে মাসুদৰ শৰীৰত কোনো জলাৰ আঘাত নাই। আৰু জুবেৰ সামান্য ভাৱে আঘাতপ্ৰাপ্ত । দুয়ো চিকিৎসাধীন হৈ থকা হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে দুয়ো বিপদমুক্ত। মাছুদে আনকি মোবাইল ফোনত মাতৃৰে কথা বতৰাও পাতিছে ।
First published: