পাকিস্তানত ভাৰতীয় উচ্চায়ুক্তৰ দুজন বিষয়া সন্ধানহীন, ম’বাইল ফোন চুইছড অফ!

News18 Assam | News18-Assam
Updated:June 15, 2020, 11:54 AM IST
পাকিস্তানত ভাৰতীয় উচ্চায়ুক্তৰ দুজন বিষয়া সন্ধানহীন, ম’বাইল ফোন চুইছড অফ!
কিছুদিন পূৰ্বে পাকিস্তানত ৰাষ্ট্ৰদূতক দেশখনে অশান্তি দিয়াৰ প্ৰসংগ উত্থাপন কৰিছিল ভাৰতে। (PTI)

কিছুদিন পূৰ্বে পাকিস্তানত ৰাষ্ট্ৰদূতক দেশখনে অশান্তি দিয়াৰ প্ৰসংগ উত্থাপন কৰিছিল ভাৰতে। (PTI)

  • Share this:
নিউজ এজেন্সী ANIৰ মতে, ইছলামাবাদৰ ভাৰতীয় উচ্চায়ুক্তৰ দুজন বিষয়া নিজৰ কাৰ্যালয়ৰ পৰা কামৰ কাৰণে বাহিৰলৈ ওলাইছিল। ইয়াৰ পিছতে কোনো খবৰ আদি নাই। দুয়োজনৰে ম’বাইল ফোনো চুইছড অফ।

সোমবাৰে পুৱাৰ পৰা বিষয়া দুজন সন্ধানহীন হৈ থকাৰ খবৰৰ পিছতে ভাৰতে ইতিমধ্যে পাকিস্তানৰ সৈতে যোগাযোগ কৰিছে।



কিছুদিন পূৰ্বে পাকিস্তানত ভাৰতৰ ৰাষ্ট্ৰদূতক অশান্তি কৰাৰ প্ৰসংগ ভাৰতে উত্থাপন কৰিছিল। এটা ভিডিও পোহৰলৈ আহিছিল য’ত পাকিস্তানী চোৰাংচোৱা এজেন্সী আইএছআইৰ চোৰাংচোৱাই ভাৰতৰ ৰাষ্ট্ৰদূত গৌৰৱ আহলুৱালিয়াৰ গাড়ী অনুসৰণ কৰিছিল। একাংশ লোকক আহলুৱালিয়াৰ ঘৰৰ বাহিৰতো দেখা গৈছিল।

ভাৰতীয় দূতাবাসে বিষয়াসকলক উৎপীড়ন কৰাৰ অভিযোগৰ ভিত্তিত পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ক নটিচো জাৰি কৰিছিল। ভাৰতে কঠোৰ সকীয়নি প্ৰদান কৰি ৰাষ্ট্ৰদূতসকলক পৰ্যাপ্ত সুৰক্ষা আদায় দিয়াৰ দাবী কৰিছিল।
First published: June 15, 2020, 11:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading