• Home
  • »
  • News
  • »
  • world
  • »
  • বাংলাদেশত দুজন হিন্দু নাগৰিকক হত্যা : দুৰ্গা পূজাৰ সাম্প্ৰদায়িক সংঘৰ্ষত এতিয়ালৈ মৃত্যু ৬জনৰ 

বাংলাদেশত দুজন হিন্দু নাগৰিকক হত্যা : দুৰ্গা পূজাৰ সাম্প্ৰদায়িক সংঘৰ্ষত এতিয়ালৈ মৃত্যু ৬জনৰ 

যোৱা শুকুৰবাৰে নামাজ পঢ়াৰ পিছত বেগমগঞ্জত মুছলমান লোকসকলে ইয়াৰ প্ৰতিবাদতে উলিয়াইছিল সমদল।

যোৱা শুকুৰবাৰে নামাজ পঢ়াৰ পিছত বেগমগঞ্জত মুছলমান লোকসকলে ইয়াৰ প্ৰতিবাদতে উলিয়াইছিল সমদল।

যোৱা শুকুৰবাৰে নামাজ পঢ়াৰ পিছত বেগমগঞ্জত মুছলমান লোকসকলে ইয়াৰ প্ৰতিবাদতে উলিয়াইছিল সমদল।

  • Share this:
মুছলমান সংখ্যাগৰিষ্ঠ চুবুৰীয়া বাংলাদেশত দুৰ্গা পূজাত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত শেহতীয়াকৈ দুজন হিন্দু ধৰ্মাৱলম্বী লোক নিহত হৈছে। বুধবাৰে এখন পূজা মণ্ডপত পবিত্ৰ কোৰাণৰ কথিত অপমানৰ বাতৰিৰ পৰাই সূত্ৰপাত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ।

যোৱা শুকুৰবাৰে নামাজ পঢ়াৰ পিছত বেগমগঞ্জত মুছলমান লোকসকলে ইয়াৰ প্ৰতিবাদতে উলিয়াইছিল সমদল। আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদকাৰীয়ে স্থানীয় মন্দিৰ এটাত আক্ৰমণ কৰিছিল। মন্দিৰটোত তেতিয়া হিন্দু ধৰ্মাৱলম্বী লোকসকলে নৱৰাত্ৰিৰ অন্তিম দিনটো উদযাপন কৰিবলৈ যো–জা চলাই আছিল। তেতিয়াই উদণ্ড প্ৰতিবাদকাৰীয়ে মন্দিৰ কমিটীৰ এজন সদস্যক উপৰ্যুপৰি প্ৰহাৰ কৰে। প্ৰহাৰৰ প্ৰকোপতে লোকজনৰ মৃত্যু হয়।

আনহাতে জিলা আৰক্ষী অধীক্ষক চহিদুল ইছলামে সংবাদ মাধ্যমত জনোৱা মতে, শনিবাৰে পুৱা আন এজন হিন্দু লোকৰ মৃতদেহ মন্দিৰৰ বাহিৰৰ পুখুৰীৰ পৰা উদ্ধাৰ হয়।

অন্যহাতেদি, দেশখনৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু লোকক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে বহুকেইটা প্ৰতিবাদ সাব্যস্ত কৰে। শনিবাৰে হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ঐক্য পৰিষদে বন্দৰ নগৰ অণ্ডৰকিলাত প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজধানী চহৰ ঢাকাৰ শ্বাহবাগ অঞ্চলত বাংলাদেশ পূজা উদযাপন পৰিষদে প্ৰতিবাদী সমদল উলিয়ায়। সংখ্যালঘুসকলে আক্ৰমণকাৰীক দৃষ্টান্তমূলক শাস্তি প্রদান দাবী উত্থাপন কৰে। ইয়াৰ বিপৰীতে ইছলামী আন্দোলন নামৰ সংগঠনটোৱে অন্য এক প্ৰতিবাদী সমদল বাহিৰ কৰি পবিত্ৰ কোৰাণক অপমান কৰাসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

ইতিমধ্যে ভাৰতৰ বিদেশ মন্ত্ৰণালয় বিষয়টো গুৰুত্ব সহকাৰে লৈছে। বাংলাদেশত থকা ভাৰতীয় উচ্চ আয়ুক্তই বাংলাদেশ চৰকাৰে যোগাযোগ স্থাপন কৰি হিন্দু সকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে বুলি মন্তব্য কৰিছে বিদেশ মন্ত্ৰণালয়ৰ প্ৰতিনিধি অৰিন্দম বাগচীয়ে। দেশখনৰ বিভিন্ন অঞ্চলত সান্ধ্য আইন বলৱৎ কৰা বুলিও জানিব পৰা গৈছে । সংবেদনশীল স্থানসমূহত টহল দিছে Rapid Action Forceএ। ইয়াৰ উপৰিও ISKCONয়ে ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰিছে।
Published by:Sanjay Kumar Das
First published: