বাতৰি অনুসৰি, চৌহদৰ ভিতৰত দুটা বিস্ফোৰণ সংঘটিত হয় আৰু গুৰুদ্বাৰাৰ কাষৰ কিছুমান দোকানত জুই লাগে।
বাতৰি অনুসৰি, চৌহদৰ ভিতৰত দুটা বিস্ফোৰণ সংঘটিত হয় আৰু গুৰুদ্বাৰাৰ কাষৰ কিছুমান দোকানত জুই লাগে।
আফগানিস্তানৰ ৰাজধানী কাবুলস্থিত গুৰুদ্বাৰাত সশস্ত্ৰ বন্দুকধাৰীয়ে গুলীচালনা কৰাৰ খবৰ পোহৰলৈ আহিছে। ঘটনাটোত কমেও ২৫ জন লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে। এখন বাতৰি কাকতত গুৰুদ্বাৰাৰ সভাপতি গুৰনাম সিঙৰ উদ্ধৃতি দি কোৱা হৈছে এই কথা। অৱশ্যে এই সন্দৰ্ভত বিতং তথ্য পোৱা হোৱা নাই।
গুৰনাম সিঙে কয় যে বন্দুকধাৰীসকলে হঠাতে গুৰুদ্বাৰাত আক্ৰমণ কৰিছিল আৰু তাৰ পিছত গুলীবৰ্ষণ আৰম্ভ কৰিছিল। কিছুমান মানুহে জীৱন ৰক্ষা কৰিবলৈ ভৱনটোৰ আনটো ফালে লুকাই আছে। গুৰুদ্বাৰাৰ (Gurdwara) ভিতৰত কমেও ২৫ জন লোক আৱদ্ধ হৈ আছে। শেহতীয়া তথ্য অনুসৰি, গুৰুদ্বাৰাৰ মুছলমান ৰক্ষীজনৰ মৃত্যু হৈছে আৰু দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
চৌহদত দুটাকৈ বিস্ফোৰণ
বাতৰি অনুসৰি, চৌহদৰ ভিতৰত দুটা বিস্ফোৰণ সংঘটিত হয় আৰু গুৰুদ্বাৰাৰ কাষৰ কিছুমান দোকানত জুই লাগে। আক্ৰমণকাৰীসকলৰ কমেও দুজন গুৰুদ্বাৰা চৌহদৰ ভিতৰত আছিল বুলি ধাৰণা কৰা হৈছে আৰু তালিবান যুঁজাৰুসকলে তেওঁলোকক জীৱিত অৱস্থাত বন্দী কৰিবলৈ চেষ্টা কৰি আছে (explosions hit a busy road near the Gurdwara in Kabul)।
তালিবান যোদ্ধাসকল ঘটনাস্থলীত উপস্থিত হয়
আফগানিস্তান (Afghanistan) গুৰুদ্বাৰাত আক্ৰমণ কৰা বন্দুকধাৰীসকল সম্ভৱতঃ তালিবানৰ প্ৰতিদ্বন্দ্ৱী দায়েশ গোটৰ। তালিবান যোদ্ধাসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু তেওঁলোকৰ মাজত যুঁজ অব্যাহত আছে। গুৰুদ্বাৰা ক্ষতিগ্ৰস্ত হৈছে আৰু চাৰিজন শিখ সন্ধানহীন হৈ আছে। এই কথা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ বিক্ৰম চাহনীয়ে প্ৰকাশ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|