আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত বাংলাদেশ টেনিছ ফেডাৰেছনৰ নিলম্বনৰ সন্মুখীন হ'ল দেশখনৰ দুগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সোনম চুলতানা সোমা আৰু সাদিয়া আক্তাৰ মৌ। জানিব পৰা মতে দুয়োগৰাকী খেলুৱৈক ক্ৰমান্বয়ে তিনি আৰু দুবছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা প্ৰতিযোগিতাৰ পৰা নিষিদ্ধ কৰা হৈছে।
অভিযোগ অনুসৰি দুয়োৱে তেওঁলোকৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ খেলবোৰ এৰি লণ্ডনৰ আত্মীয়সকলক লগ কৰিবলৈ গৈছিল।
বাংলাদেশ টেবুল টেনিছ ফেডাৰেছনৰ সাধাৰণ সম্পাদক শ্বেখ মহম্মদ জাহাংগীৰ আলমে কয়- "শনিবাৰে কাৰ্যকৰী সমিতিৰ বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা হয় কিয়নো তেওঁলোকে ৫ আগষ্টত খেলিব লগা মেচসমূহত ৱাকঅভাৰ দি দেশৰ ভাৱমূৰ্তি কলুষিত কৰে।"
উল্লেখ্য যে, খেলুৱৈ দুগৰাকীৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত ফেডাৰেছনৰ তৰফৰ পৰা দুয়োলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল যদিও তেওঁলোকে এই জাননীৰ কোনো উত্তৰ নিদিয়াত তেওঁলোকক নিষিদ্ধ কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল বুলি এক বিশেষ সূত্ৰত প্ৰকাশ
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 01, 2022, 14:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|