মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Twitter Down: পুনৰ ডাউন টুইটাৰ, এসপ্তাহতে দ্বিতীয়বাৰৰ বাবে টুইটাৰ ডাউনে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ ব্যৱহাৰকাৰীক পেলালে সমস্যাত

Twitter Down: পুনৰ ডাউন টুইটাৰ, এসপ্তাহতে দ্বিতীয়বাৰৰ বাবে টুইটাৰ ডাউনে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ ব্যৱহাৰকাৰীক পেলালে সমস্যাত

১০ বজাৰ পিছত সবাতোকৈ বেছি ব্যৱহাৰকাৰীয়ে আউটেজৰ সন্মুখীন হৈছিল

১০ বজাৰ পিছত সবাতোকৈ বেছি ব্যৱহাৰকাৰীয়ে আউটেজৰ সন্মুখীন হৈছিল

  • Share this:

পুনৰ ডাউন টুইটাৰ। আগতীয়া বাৰ্তা অবিহনে টুইটাৰ হঠাতে ডাউন হৈ পৰে। সোমবাৰে নিশা প্ৰায় ১০ বজাৰ পিছত ভাৰতত টুইটাৰ ডাউন হোৱা বুলি বহু ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে (Twitter's services down)।


অকল ভৰততে নহয়, বিশ্বৰ বহু দেশত টুইটাৰৰ সেৱা হাজাৰ হাজাৰ লোকৰ বাবে বন্ধ হৈ পৰিছিল। ব্যৱহাৰকাৰীসকলে ইলন মাস্কৰ নেতৃত্বাধীন ছ’চিয়েল মিডিয়া প্লেটফৰ্মটোৰ পৰা অন্যান্য ৱেবছাইটলৈ লিংক প্ৰৱেশৰ সমস্যাৰ বিষয়ে জনাইছিল।


ইণ্টাৰনেট নিৰীক্ষক নেটব্লকছে এই বিষয়ে প্ৰকাশ কৰে এই সমস্যাই ছবি আৰু ভিডিঅ’ কনটেণ্টৰ ক্ষেত্ৰখনকো প্ৰভাৱিত কৰিছে।


আউটেজ ট্ৰেকিং ৱেবছাইট ডাউনডিটেক্টৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ এই সমস্যাক লৈ ৰিপ’ৰ্ট দিয়াৰ সংখ্যা ৮ হাজাৰতকৈ অধিক। Downdetector.com ৱেবছাইটে নিজৰ পেজত এই সন্দৰ্ভত এক গ্ৰাফ শ্বেয়াৰ কৰি দেখুৱাইছে ১০ বজাৰ পিছত সবাতোকৈ বেছি ব্যৱহাৰকাৰীয়ে আউটেজৰ সন্মুখীন হৈছিল। উল্লেখ্য, মাত্ৰ কেইটামান দিনৰ ভিতৰতে টুইটাৰ দুবাৰৰ কাৰণে ডাউন হয়।

শেহতীয়া বাতৰি