‘সেয়া কেৰাটেৰ পোছাক নে কি?’ ভাৰত ভ্ৰমণৰত মেলানিয়া ট্ৰাম্পৰ পোছাক আৰু ট্ৰাম্পৰ হালধীয়া টাইক লৈ টুইটাৰত মন্তব্যৰ জোৱাৰ

News18 Assam | News18-Assam
Updated:February 24, 2020, 3:42 PM IST
‘সেয়া কেৰাটেৰ পোছাক নে কি?’ ভাৰত ভ্ৰমণৰত মেলানিয়া ট্ৰাম্পৰ পোছাক আৰু ট্ৰাম্পৰ হালধীয়া টাইক লৈ টুইটাৰত মন্তব্যৰ জোৱাৰ
সততে প্ৰতিটো বিষয়ত সৰৱ হোৱা টুইটাৰত এইবাৰ ভাৰত ভ্ৰমণলৈ অহা ট্ৰাম্প দম্পত্তিৰ সাজ–পোছাকক লৈ সৰৱ চৰ্চা চলিছে। মেলানিয়া ট্ৰাম্পৰ পোছাকক লৈ এজনৰ ধেমেলীয়া মন্তব্য যে তেওঁ ‘সুযোগ সন্ধানী ভাৰতীয় পুৰুষ’ৰ মুখামুখি হ’লে ‘আত্মৰক্ষা’ৰ কাৰণে সঠিক পোছাক পৰিধান কৰি আহিছে। 

সততে প্ৰতিটো বিষয়ত সৰৱ হোৱা টুইটাৰত এইবাৰ ভাৰত ভ্ৰমণলৈ অহা ট্ৰাম্প দম্পত্তিৰ সাজ–পোছাকক লৈ সৰৱ চৰ্চা চলিছে। মেলানিয়া ট্ৰাম্পৰ পোছাকক লৈ এজনৰ ধেমেলীয়া মন্তব্য যে তেওঁ ‘সুযোগ সন্ধানী ভাৰতীয় পুৰুষ’ৰ মুখামুখি হ’লে ‘আত্মৰক্ষা’ৰ কাৰণে সঠিক পোছাক পৰিধান কৰি আহিছে। 

  • Share this:
সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে ভাৰতত অৱতৰণ কৰে। আহমেদাবাদ বিমানবন্দৰত উদগ্ৰীৱ সমগ্ৰ মিডিয়াৰ সন্মুখত ট্ৰাম্প পৰিয়ালে অৱতৰণ কৰাৰ লগে লগে হাজাৰ হাজাৰ কেমেৰা একে সময়তে নিৱদ্ধ হৈছিল ভাৰতৰ বিশিষ্ট অতিথিৰ ওপৰত।

সকলোৰে চকুত পৰা প্ৰথম কথাটোৱে আছিল ট্ৰাম্পৰ উজ্জ্বল হালধীয়া ৰঙৰ টাইডাল আৰু ফাৰ্ষ্ট লেডীৰ কঁকালত সেউজীয়া কাপোৰ টুকুৰাৰ সৈতে বগা ছ্যুটজোৰ।

বিদেশৰ পৰা অহা শক্তিশালী বিশ্বনেতাই সদায়ে শিৰোনাম দখ‍ল কৰে। তাতেই যদি আলহী আমেৰিকাৰ প্ৰথম পৰিয়াল হয় তেনেহ’লে সমগ্ৰ বিশ্বই অধীৰ আগ্ৰহেৰে লক্ষ্য কৰে তেওঁলোকে প্ৰতি মুহূৰ্তত পৰিধান কৰা পোছাকজোৰৰ পৰা হেণ্ডশ্বেকলৈকে। ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়তো একেই উৎসুকতাৰ সৃষ্টি হৈছে। বিমানৰ পৰা ষ্টেপেৰে তললৈ নামি আহি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কৰ মৰ্দন কৰাৰ ছবি ইতিমধ্যে সংবাদমাধ্যমত ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত এই বিষয়ে চলিছে ব্যাপক চৰ্চা।

কঁকালত পিন্ধা সেউজীয়া কাপোৰৰ টুকুৰাৰ সৈতে পিন্ধা বগা ছ্যুটজোৰৰ সৈতে মেলানিয়াই হেনো একাংশক কেৰাটে খেলুৱৈৰ পোছাকজোৰলৈ মনত পেলালে! এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ধেমালিতে লিখিয়ে দিলে, এজনৰ ধেমেলীয়া মন্তব্য যে তেওঁ ‘সুযোগ সন্ধানী ভাৰতীয় পুৰুষ’ৰ মুখামুখি হ’লে ‘আত্মৰক্ষা’ৰ কাৰণে সঠিক পোছাক পৰিধান কৰি আহিছে। আন বহুতেই একেই কথাকে লক্ষ্য কৰিলে!






তাৎপৰ্যপূৰ্ণ যে, মেলানিয়াই পৰিধান কৰা প্ৰথমজোৰ পোছাক এনেকৈ কেৰাটে পোছাকৰ সৈতে তুলনা কৰা হোৱা নাই। একেই ধৰণে ২০১৭চনৰ মে’ মাহত ট্ৰাম্পৰ ছৌদি আৰৱৰ ৰিয়াধলৈ যাওঁতেও একেই তুলনা কৰা হৈছিল।





মেলানিয়াৰ পোছাকজোৰক বলিউডৰ অভিনেতা শ্বাহৰুখ খান আৰু ছলমান খানে নিজৰ ৯০’ৰ ছুপাৰহিট ছবি কৰণ–অৰ্জুনত পিন্ধা পোছাকৰ সৈতেও তুলনা কৰা হৈছে।

হাৰ্ভে পিয়েৰৰ কাৰণে ডিজাইনাৰ আটেলিয়াৰ কাইট’ই ডিজাইন কৰা পোছাক পিন্ধিছে মেলানিয়া ট্ৰাম্পে। কঁকালত পিন্ধা কাপোৰত সোণৰ কাম কৰা আছে আৰু তাত জিলিকি উঠিছে পুৰণি ভাৰতীয় বস্ত্ৰশিল্পৰ চানেকি। "আমি এনেকৈ ডিজাইন কৰিছো যাতে ই এক বিশেষ ডিজাইন যেন প্ৰতীয়মান হয়।", ইন্ষ্টাগ্ৰামত অফিচিয়েল একাউণ্টত এনেকৈ লিখিছে মেলানিয়াৰ সাজৰ বিষয়ে।



নিজৰ পোছাকেৰে আলোৰনৰ সৃষ্টি কৰা মেলানিয়াই প্ৰথম ফাৰ্ষ্ট লেডী নহয়। বিদেশ ভ্ৰমণলৈ অহা ফাৰ্ষ্ট লেডীৰ পোছাকসমূহ সদায় সূক্ষ্ম নিৰীক্ষণেৰে ডিজাইন কৰা হয়। এইখন হৈছে এনে এক মঞ্চ যাৰ জৰিয়তে বিশ্বৰ নেতাসকলে ‘নৰম কূটনীতি’ প্ৰদৰ্শন কৰিব পাৰে।

বিগত সময়ত প্ৰাক্তন ফাৰ্ষ্ট লেডী মিচ্চেল ওবামা যি ভাৰতলৈ দুবাৰ স্বামী তথা ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সৈতে আহিছিল তেতিয়া তেওঁ পৰিধান কৰিছিল চকুত লগা পোছাক। প্ৰথমবাৰত তেওঁ পৰিধান কৰিছিল ভাৰতীয় পিতৃৰ সন্তান আমেৰিকাৰ ডিজাইনাৰ ৰাচেল ৰয়ে ডিজাইন কৰা পোছাক। দ্বিতীয়বাৰৰ ভ্ৰমণত মিচ্চেল ওবামাই ভাৰতীয় ডিজাইনাৰ বিভু মহাপাত্ৰই ডিজাইন কৰা এজোৰ পোছাক পৰিধান কৰিছিল।

২০১৮চনত যেতিয়া প্ৰাক্তন ফাৰ্ষ্ট লেডী হিলাৰী ক্লিণ্টন ভাৰত ভ্ৰমণলৈ আহিছিল তেতিয়া পায়েল খাণ্ডাৱালা আৰু অনিতা ডংগ্ৰাই ডিজাইন কৰা তেওঁ  ভাৰতীয় পোছাক ‘কূৰ্তা’ পৰিধান কৰিছিল।

ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত বহুতেই ধাৰণা কৰিছিল যে মেলানিয়াই হয়তো শাৰী অথবা অন্য ভাৰতীয় পোছাক পৰিধান কৰিব।

আহমেদাবাদৰ একাংশ স্থানীয় বাতৰিকাকতত বিশেষ ‘এডিটিং’ কৰি ট্ৰাম্প আৰু মেলানিয়াৰ ‘শ্বেৰৱানী’ আৰু শাৰী পৰিহিত ছবি প্ৰকাশ কৰিছিল।



কিন্তু সকলোৰে আশাত চেঁচাপানী ঢালি, আমেৰিকাৰ ফাৰ্ষ্ট লেডীগৰাকীয়ে এক সাধাৰণ পোছাকহে পৰিধান কৰিবলৈ বাছি লয়।



ট্ৰাম্পে এক উজ্জ্বল হালধীয়া ৰঙৰ টাই আৰু ক’লা ছ্যুট পৰিধান কৰাৰ বিপৰীতে কন্যা ইভাংকাই পৰিধান কৰে এসাজ ফুলবছা সাজ।





ট্ৰাম্পৰ টাইডালক লৈ উৎসুকতা আৰু প্ৰতিক্ৰিয়াৰ অন্ত নাই!

একাংশই ক’লে ট্ৰাম্পে  TDPক সমৰ্থন জনাই হালধীয়া টাই পিন্ধি আহিছে!


ড’নাল্ড ট্ৰাম্পে পত্নী মেলানিয়া, কন্যা ইভাংকা আৰু জোঁৱায়েক জেৰেদ কুশ্বনাৰৰ লগতে ১২জনীয়া প্ৰশাসনিক দলৰ সহযোগত ভাৰত ভ্ৰমণলৈ আহিছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি