কোৰোণাক লৈ এইটো ভুৱা তথ্য! সাময়িকভাৱে টুইটাৰত নিষিদ্ধ ড’নাল্ড ট্ৰাম্প

News18 Assam | News18-Assam
Updated:August 6, 2020, 10:47 AM IST
কোৰোণাক লৈ এইটো ভুৱা তথ্য! সাময়িকভাৱে টুইটাৰত নিষিদ্ধ ড’নাল্ড ট্ৰাম্প
টুইটাৰৰ মতে কোনো হিংসাত্মক ব্যৱহাৰ, কোনো ব্যক্তি বা গোষ্ঠীৰ বিৰুদ্ধে হিংসা বিয়পাবলৈ এই একাউণ্ট ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু নিয়ম ভাঙি একেৰাহে বিপদত পৰিছে ড’নাল্ড ট্ৰাম্প।

টুইটাৰৰ মতে কোনো হিংসাত্মক ব্যৱহাৰ, কোনো ব্যক্তি বা গোষ্ঠীৰ বিৰুদ্ধে হিংসা বিয়পাবলৈ এই একাউণ্ট ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু নিয়ম ভাঙি একেৰাহে বিপদত পৰিছে ড’নাল্ড ট্ৰাম্প।

  • Share this:
কোৰোণা বিষয়ক এটা ভুৱা ভিডিও প্ৰচাৰৰ কৰাৰ কাৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ একাউণ্ট ব্যৱহাৰত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে টুইটাৰে।

কি আছে ভিডিওটোত? জানিব পৰা মতে এই ভিডিওটো আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যম ফক্স নিউজক দিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এটা সাক্ষাৎকাৰ। য’ত ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাৰ শিশুবোৰৰ শৰীৰত কোৰোণাৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিছে। এই বার্তাক ক’ভিড-১৯ বিষয়ক ভুৱা তথ্য আখ্যা দিছে টুইটাৰে। এক বিবৃতিত সংস্থাৰ মুখপাত্ৰই জনাইছে, এই একাউণ্টৰ মালিকে নিজৰ টুইট আঁতৰাব লাগিব তাৰ পিছতহে এই একাউণ্ট পুনৰ ব্যৱহাৰ কৰিব পাৰিব তেওঁ।

আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যম চিএনএনক টুইটাৰে জনাইছে এই ভিডিওটো ডিলিট কৰা হৈছে ফলত ট্ৰাম্পৰ একাউণ্ট পুনৰাই সক্ৰিয় হৈছে।

উল্লেখ্য যে, ড’নাল্ড ট্ৰাম্পৰ এই একেটাই ভিডিও ফেচবুক একাউণ্টৰ পৰাও ডিলিট কৰিছে কৰ্তৃপক্ষই। কাৰণ একেটাই ভুৱা তথ্য।

ট্ৰাম্পৰ প্ৰচাৰ সচিব কোৰ্টনি প্যাৰেল্লাৰ দাবী ড’নাল্ড ট্ৰাম্পৰ ব্যক্তব্যৰ অপপ্ৰচাৰ হৈছে। তেওঁ ক’ব বিচাৰিছিল যে শিশুসকলৰ কোৰোণা তুলনামূলকভাৱে কম হৈছে।

যোৱা কেইবামাহ ধৰি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ফেচবুক–টুইটাৰত সৰৱ প্ৰতিবাদ হোৱা দেখা গৈছে ৰাইজক। ভোটপ্ৰচাৰ, প্ৰতিবাদ, কোৰোণাৰ ভুৱা তথ্য এই তিনিটা বিষয়ক কেন্দ্ৰ কৰিয়ে প্ৰধানকৈ বিতৰ্ক আৰম্ভ হৈছে। উল্লেখ্য যে, যোৱা সপ্তাহত প্ৰেচিডেণ্ট ট্ৰাম্পৰ পুত্ৰই কৰা এটা টুইটত দাবী কৰা হয় যে কোৰোণাৰ সৈতে যুঁজিবলৈ মাস্কৰ প্ৰয়োজন নাই। এই একাউণ্টটোও সাময়িকভাৱে নিষিদ্ধ কৰিছে টুইটাৰে।

টুইটাৰৰ মতে কোনো হিংসাত্মক ব্যৱহাৰ, কোনো ব্যক্তি বা গোষ্ঠীৰ বিৰুদ্ধে হিংসা বিয়পাবলৈ এই একাউণ্ট ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু নিয়ম ভাঙি একেৰাহে বিপদত পৰিছে ড’নাল্ড ট্ৰাম্প।
First published: August 6, 2020, 10:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading