কোভিড মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰে ভাৰতক বিধ্বস্ত কৰাৰ সময়তে এইবাৰ ভাৰতলৈ সহায়ৰ হাত জনপ্ৰিয় মাইক্ৰ'ব্লগিং ছাইট টুইটাৰৰ। কোভিড-১৯ৰ সৈতে যুঁজ দিবলৈ ১৫ মিলিয়ন আমেৰিকান ডলাৰ আগবঢ়াইছে টুইটাৰে। টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জেক পেট্ৰিক ডৰ্চেয়ে সোমবাৰে টুইটযোগে অৱগত কৰে এই কথা। লগতে ভাৰতক সহায়ৰ বাবে বৃহৎ পৰিমাণৰ ধনৰাশি তিনিটাকৈ বেচৰকাৰী সংস্থা কেয়াৰ, এইড ইণ্ডিয়া আৰু সেৱা ইণ্টাৰনেচনেল আমেৰিকা যুক্তৰাষ্ট্ৰক আগবঢ়োৱাৰ কথা উল্লেখ কৰে ডৰ্চেয়ে । এই বৃহৎ পৰিমাণৰ ধনৰ কেয়াৰক ১০ মিলিয়ন আমেৰিকান ডলাৰ, এইড ইণ্ডিয়া আৰু সেৱা ইণ্টাৰনেচনেল আমেৰিকা যুক্তৰাষ্ট্ৰক ২.৫ মিলিয়ন আমেৰিকান ডলাৰ আগবঢ়োৱা হৈছে।
সেৱা ইণ্টাৰনেচনেল হৈছে এক হিন্দু বিশ্বাস-আধাৰিত, মানৱতাবাদী স্বেচ্ছাসেৱী সেৱা সংগঠন। তেনেস্থলত এই অনুদানে সেৱা ইণ্টাৰনেচনেলৰ "হেল্প ইণ্ডিয়া কোভিড১৯ অভিযান"ৰ অংশ হিচাপে অক্সিজেন কনচেণ্ট্ৰেটৰ, ভেণ্টিলেটৰকে আদি কৰি জীৱন ৰক্ষাকাৰী সঁজুলি ক্ৰয় কৰাত সহায় কৰিব। এক বিবৃতিযোগে এই কথা উল্লেখ কৰে চান ফ্ৰান্সিছকো চহৰস্থিত কোম্পানীটোৱে।
চৰকাৰী চিকিৎসালয় আৰু কোভিড-১৯ যত্ন কেন্দ্ৰ আৰু চিকিৎসালয়লৈ সঁজুলি বিতৰণ কৰা হ'ব, ইয়াত কোৱা হৈছে। এই ঘোষণাৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি সেৱা ইণ্টাৰনেচনেলৰ মাৰ্কেটিং এণ্ড ফাণ্ড ডেভেলপমেণ্টৰ উপ-সভাপতি সন্দীপ খাদকেকাৰে ডৰ্চেক তেওঁৰ উদাৰ অনুদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে সেৱাৰ কামক স্বীকৃতি দিয়াটো সন্তোষজনক।
ইপিনে টুইটাৰে ১০ মিলিয়ন আমেৰিকান ডলাৰ অনুদান আগবঢ়োৱা কেয়াৰ হৈছে বিশ্বব্যাপী দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়া এটা আগশাৰীৰ মানৱতাবাদী সংগঠন। তেনেস্থলত ১০ মিলিয়ন আমেৰিকান ডলাৰৰ অনুদানে ভাৰতক কোভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণৰ বিভীষিকাৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ কেয়াৰৰ জৰুৰী পদক্ষেপক সমৰ্থন কৰিব।
টুইটাৰে কয় লগতে যে তেওঁলোকৰ এই অনুদানে ভাৰতত কোভিডৰ লক্ষণ চিনাক্ত কৰা, সংক্ৰমণ প্ৰতিৰোধ কৰা, যত্ন আৰু চিকিৎসা প্ৰাপ্ত কৰা, অক্সিজেন, অক্সিমিটাৰ, থাৰ্মোমিটাৰ, সুৰক্ষা সঁজুলি আৰু টিকাকৰণকে ধৰি চিকিৎসা সঁজুলিৰ লাাভ কৰাত সহায় কৰিব।
উল্লেখ্য যে, একেৰাহে চাৰি দিনধৰি চাৰি লাখতকৈও অধিক নতুন কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছত ভাৰতত সোমবাৰে কিছু হ্ৰাস পাইছিল সংক্ৰমণৰ ঘটনা। সোমবাৰৰ দিনটোত পোৱা গৈছিল ৩,৬৬,১৬১টা কোভিড১৯ ৰ নতুন সংক্ৰমণৰ ঘটনা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|