কাশ্মীৰৰ বিৰুদ্ধে টুইট কৰা ২০০ পাকিস্তানীৰ একাউণ্ট বন্ধ কৰিলে টুইটাৰে

News18-Assam
Updated:August 20, 2019, 6:58 PM IST
কাশ্মীৰৰ বিৰুদ্ধে টুইট কৰা ২০০ পাকিস্তানীৰ একাউণ্ট বন্ধ কৰিলে টুইটাৰে
জম্মু–কাশ্মীৰৰ বিশেষ ক্ষমতা কৰ্তন কৰি কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ পিছত পাকিস্তানৰ বহু লোকে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া।

জম্মু–কাশ্মীৰৰ বিশেষ ক্ষমতা কৰ্তন কৰি কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ পিছত পাকিস্তানৰ বহু লোকে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া।

  • Share this:
মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰে বন্ধ কৰি দিলে পাকিস্তানৰ ২০০ টুইটাৰ একাউণ্ট। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে এই টুইটাৰ একাউণ্টসমূহ। টুইটাৰৰ এই পদক্ষেপৰ পিছতে পাকিস্তানে অভিযোগ কৰিছে যে ছচিয়েল মিডিয়া কোম্পানীয়ে পাকিস্তানৰ সৈতে বৈষম্যমূলক ব্যৱহাৰ কৰিছে। অৱশ্যে এই অভিযোগ খণ্ডন কৰিছে টুইটাৰে। পাকিস্তানী সেনাই দেওবাৰে কয় যে ছচিয়েল মিডিয়াত কাশ্মীৰ প্ৰসংগক লৈ পোষ্ট কৰা একাউণ্ট বন্ধ কৰাক লৈ পাকিস্তান কৰ্তৃপক্ষই যোগাযোগ কৰিছে টুইটাৰ আৰু ফেচবুক কৰ্তৃপক্ষৰ সৈতে।

সোমবাৰে এগৰাকী ভাৰতীয় বিষয়াই নতুন দিল্লীত কৈছিল যে নিৰাপত্তা সংস্থাৰ অনুৰোধৰ পিছত জম্মু–কাশ্মীৰত ভাৰতবিৰোধী প্ৰচাৰ চলোৱা চাৰিটা টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল। তেওঁ কৈছিল যে আৰু কিছু ছচিয়েল মিডিয়া একাউণ্ট এনেধৰণৰ কৰ্মকাণ্ডৰ বাবে শীঘ্ৰে বন্ধ কৰাৰ সম্ভাৱনা আছে।

পাকিস্তানী সেনাৰ মুখপাত্ৰ মেজৰ জেনেৰেল আছিফ গফুৰে কয় যে ফেচবুক আৰু টুইটাৰৰ আঞ্চলিক মুখ্য কাৰ্যালয়ত কাম কৰা ভাৰতীয় কৰ্মচাৰীৰ বাবেই এই টুইটাৰ একাউণ্টসমূহ বন্ধ কৰা হৈছে। গফুৰে কয় যে টুইটাৰ আৰু ফেচবুকৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত ভাৰতীয় কৰ্মচাৰীৰ বাবেই একাউণ্টসমূহ বন্ধ কৰা হৈছে।

জম্মু–কাশ্মীৰৰ বিশেষ ক্ষমতা কৰ্তন কৰি কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ পিছত পাকিস্তানৰ বহু লোকে ছচিয়েল মিডিয়াত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। ইয়াৰ মাজতে পাকিস্তান দূৰসংযোগ প্ৰাধিকৰণে টুইটাৰৰ আঞ্চলিক কাৰ্যালয়ত একাউণ্ট বন্ধ কৰাক লৈ অভিযোগ দাখিল কৰিছে। আঞ্চলিক কাৰ্যালয়ৰ পৰা ২০০ একাউণ্ট বন্ধ কৰাক লৈ স্পষ্টীকৰণ বিচাৰিছে পিটিএই।
আৰু চাওক
পৰৱৰ্তী বাতৰি