CYBER ATTACK: বিল গেটছ, ওবামা, ৱাৰেন বাফে, এপল সহ বহু দিগ্গজৰ টুইটাৰ একাউণ্ট হেক

News18 Assam | News18-Assam
Updated:July 16, 2020, 9:22 AM IST
CYBER ATTACK: বিল গেটছ, ওবামা, ৱাৰেন বাফে, এপল সহ বহু দিগ্গজৰ টুইটাৰ একাউণ্ট হেক
ওবামা আৰু বিল গেটছ

Twitter Account Hacked: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী জ’ ৱিডেনৰ টুইটাৰ হেণ্ডেলো হেক কৰা হৈছে। আইফোন নিৰ্মাণ কৰা কোম্পানী এপলো চাইবাৰ এটেকৰ চিকাৰ হয়। 

  • Share this:
ৱাশ্বিংটনঃ আমেৰিকাৰ বহু দিগ্গজ ব্যক্তিৰ টুইটাৰ একাউণ্ট (Twitter Account Hacked) হেক কৰা হৈছে। ইয়াৰ ভিতৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, মাইক্ৰ’চফটৰ ফাউণ্ডাৰ বিল গেটছ, বিশ্বৰ সকলোতকৈ ধনী ব্যক্তি আৰু ইনভেষ্টমেণ্ট গুৰু ৱাৰেন বাফেও আছে। ইয়াৰ বাহিৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী জ’ বিডেনৰ টুইটাৰ হেণ্ডেলো হেক কৰা হৈছে। আইফোন নিৰ্মাণ কৰা কোম্পানী এপ’লো এই চাইবাৰ এটেকৰ বলি হৈছে।

বিটকইন কেলেংকাৰীৰ সৈতে সম্পৰ্কিত!

সূত্ৰমতে, বিটকইন কেলেংকাৰীৰ সৈতে এই টুইটাৰ হেকৰ কাণ্ড সম্পৰ্কিত। এই দিগ্গজ ব্যক্তিসকলক বিটকইনত বৰঙনি দিবলৈ কোৱা হৈছে। টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰা হৈছে যে যদি ইয়াত টকা লগোৱা হয় তেনেহ’লে সেয়া বিটিচি একাউণ্টত দুগুণ কৰি দিয়া হ’ব।

এপ’লৰ একাউণ্ট হেক কৰি এই বাৰ্তা লিখা হৈছে


টকা দুগুণ কৰা টুইট

হেকাৰসকলে মাইক্ৰ’চফটৰ ফাউণ্ডাৰ বিল গেটছৰ টুইটাৰ একাউণ্টৰ পৰা টুইট কৰিছে, ‘প্ৰত্যেকেই মোক ঘুৰাই দিবলৈ কৈছে আৰু এতিয়া সময় আহি পৰিছে। মই অহা ৩০মিনিটত বিটিচি এড্ৰেচত পঠিওৱা ধন দুগুণ কৰিবলৈ গৈ আছো। আপুনি এহেজাৰ ডলাৰ পঠিৱাওক আৰু মই আপোনাক দুই হাজাৰ ডলাৰ ঘুৰাই পঠিয়াম।' পিছত তেওঁৰ একাউণ্টৰ পৰা এই মেচেজ ডিলিট কৰি দিয়া হয়, কিন্তু কিছু সময়ৰ পিছতে আৰু কেইবাজনো দিগ্গজৰো একাউণ্ট হেক কৰা হয়।

বিল গেটছৰ টুইটাৰ একাউণ্টত লিখিলে এই মেচেজ


কিছু সময়ৰ পিছতে টুইটাৰত এক বিবৃতি জাৰি কৰি কোৱা হয় যে এই ঘটনাৰ তদন্ত কৰা হৈছে আৰু এই বিষয়ত পৰৱৰ্তী সময়ত আপডেট কৰা হ’ব। এনে খবৰো চলিছে যে এই হেকিঙৰ পিছত শ শ লোকে হেকাৰসকলক লক্ষাধিক ডলাৰ পঠিয়ায়।



সৰ্ববৃহৎ এটেক! 
বাতৰি সংস্থা ৰয়টাৰছৰ মতে, শেহতীয়াকৈ হোৱা এইটোৱে আটাইতকৈ ডাঙৰ চাইবাৰ এটেক। বিটকইনৰ জৰিয়তে টকা দুগুণ কৰাৰ পোষ্ট আগতেও ছচিয়েল মিডিয়াত দেখা গৈছিল কিন্তু এয়া প্ৰথমবাৰ হৈছে যে, দিগ্গজসকলৰ একাউণ্ট হেক কৰি এনেদৰে মেচেজ পোষ্ট কৰা হৈছে।

বিটকইন কি হয়?

বিটকইন হৈছে একধৰণৰ ভাৰ্চুৱেল কাৰেন্সী। ইয়াক আনধৰণৰ কাৰেন্সী যেনে ডলাৰ, টকা বা পাউণ্ডৰ দৰে ব্যৱহাৰ কৰিব পাৰি। অনলাইন পেমেণ্টৰ বাহিৰেও ইয়াক ডলাৰ আৰু আন এজেন্সীতো সালসলনি কৰিব পৰা যায়। এই কাৰেন্সী বিটকইন হিচাপে ২০০৯চনত প্ৰচলিত হৈছিল। আজি ইয়াক গ্ল’বেল পেমেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়।
First published: July 16, 2020, 9:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading