ছোমালিয়াৰ কিছমায়ু চহৰত গাড়ী বোমা বিস্ফোৰণ আৰু গুলীচালনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ কেইদিনমানৰ পাছত শনিবাৰে বিয়লি ৰাজধানী চহৰ মোগাদিশুত দুখন পৃথক গাড়ী বিস্ফোৰণ ঘটে। ছোমালিয়াৰ ৰাষ্ট্ৰপতি হাছান শ্বেখে স্থানীয় ছোমালি কেবল টিভিক জনোৱা মতে, এই বিস্ফোৰণত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ১০০ আৰু ৩০০ৰো অধিক লোক আহত হৈছে। আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হৈয়ে আছে।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছোমালিয়াৰ শিক্ষা মন্ত্ৰালয়ৰ অট্টালিকাক লক্ষ্য কৰি দুটা বোমা গাড়ীত বিস্ফোৰণ ঘটিছিল। ৰয়টাৰে স্থানীয় এজন নাগৰিকৰ উদ্ধৃতিৰে কয় যে, “কে ৫ ষ্ট্ৰীটৰ কাষৰ শিক্ষা মন্ত্ৰালয়ৰ ভৱনত দুখন গাড়ী বোমা বিস্ফোৰণ ঘটিছে।” মন্ত্ৰালয়টোৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা হাছান নামৰ এজন আৰক্ষী বিষয়াই ৰয়টাৰক জনাইছে যে তেওঁ বিস্ফোৰণ ঘটাৰ কিছু সময়ৰ পিছতে কমেও ১২টা মৃতদেহ দেখা পাইছিল আৰু ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছিল।
The person who took this video is a fellow journalist working in #Somalia the large piece of glass landed on the mattress following twin blasts in Mogadishu #Zoope#Mogadishu an hour ago. This is his room and the aftermath. He is alive & safe. The face of #Terrorism is cruel pic.twitter.com/hTONHQZOoo