• Home
  • »
  • News
  • »
  • world
  • »
  • Photo Of TV Anchor: এসময়ত আছিল বিখ্যাত টিভি এংকৰ, এতিয়া ৰাস্তাৰ কাষত খাদ্য বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে

Photo Of TV Anchor: এসময়ত আছিল বিখ্যাত টিভি এংকৰ, এতিয়া ৰাস্তাৰ কাষত খাদ্য বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে

ইয়াৰ লগতে কবীৰে আন এটা পোষ্ট কৰি উল্লেখ কৰিছিল আন এগৰাকী সাংবাদিকৰ কথা

ইয়াৰ লগতে কবীৰে আন এটা পোষ্ট কৰি উল্লেখ কৰিছিল আন এগৰাকী সাংবাদিকৰ কথা

ইয়াৰ লগতে কবীৰে আন এটা পোষ্ট কৰি উল্লেখ কৰিছিল আন এগৰাকী সাংবাদিকৰ কথা

  • Share this:
সামাজিক মাধ্যমত এগৰাকী টিভি সাংবাদিকৰ ভিডিঅ' ভাইৰেল হৈ আছে, যি এতিয়া ষ্ট্ৰীট ফুড বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছে। ঘটনাৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে সকলো হতভম্ব হৈছে আৰু সাংবাদিকগৰাকীৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছে।

এই ঘটনা আফগানিস্তানৰ (Afghanistan)। তালিবান শাসনৰ পূৰ্বৰ ৰাষ্ট্ৰপতি হামিদ কাৰজাইৰ চৰকাৰৰ কৰ্মচাৰী কবীৰ হকমালে টুইট কৰি এই কথা প্ৰকাশ কৰিছে। তেওঁ তিনিখন ফটোও শ্বেয়াৰ কৰিছে। এখনত উক্ত টিভি সাংবাদিকগৰাকী ষ্টুডিঅ'ত বহি থকা দেখা গৈছে আৰু আনখনত তেওঁ পদপথত খাদ্য বিক্ৰী কৰি থকা দেখা গৈছে (TV anchor selling food on the streets)।

কবীৰ হকমালে টুইট কৰি লিখে- ''তালিবানী শাসনকালত এগৰাকী টিভি সাংবাদিকৰ জীৱন। মুছা মোহম্মদীয়ে (Musa Mohammadi) বছৰ বছৰ জুৰি এগৰাকী এংকৰ আৰু সাংবাদিক ৰূপে বিভিন্ন টিভি চেনেলত কাম কৰিছিল। এতিয়া তেওঁৰ ওচৰত পৰিবাৰ পোহপাল দিয়াৰ বাবে পইচা নাই। তেওঁ পদপথত খাদ্য বিক্ৰী কৰি সংসাৰ চলাই আছে। গণতন্ত্ৰৰ অৱসানৰ পিছত আফগান নাগৰিকে অপ্ৰত্যাশিত দৰিদ্ৰতাৰ মাজত সোমাই পৰিছে।''





এই পোষ্টটোত ভাৰতকে ধৰি বিশ্বৰ বহু লোকে মত প্ৰকাশ কৰিছে। এজন ভাৰতীয়ই লিখিছে- আশা কৰোঁ ভাৰত চৰকাৰে এওঁলোকক সহায় কৰিব।

ইয়াৰ লগতে কবীৰে আন এটা পোষ্ট কৰি উল্লেখ কৰিছিল আন এগৰাকী সাংবাদিকৰ কথা। একৰাম ইছমানি নামৰ সাংবাদিকগৰাকীক জীনছ পিন্ধা তথা দাড়ি নৰখাৰ বাবে অপহৰণ কৰি মাৰপিট কৰিছিল আৰু অপমানিত কৰিছিল।





উল্লেখ্য, তালিবানে বহুক্ষেত্ৰত মধ্যযুগীয় বৰ্বৰতাৰ পৰা নিজকে মুক্ত বুলি উল্লেখ কৰি আহিছে যদিও আধুনিক সভ্যতাৰ প্ৰতি প্ৰকাশ কৰিছে অবজ্ঞা। ধৰ্মান্ধতাৰ মাজেৰে চৰকাৰ তথা প্ৰশাসনীয় কাম-কাজ চলাই থকা দেখা গৈছে।
Published by:Gautam Barman
First published: