உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • F-16 যুঁজাৰু বিমানেৰে ধ্বংস কৰা হ’ল মানৱবিহীন বিমান

    F-16 যুঁজাৰু বিমানেৰে ধ্বংস কৰা হ’ল মানৱবিহীন বিমান

    Photo : Twitter

    Photo : Twitter

    ড্ৰ’নখনৰ ফটো প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে।

    • Share this:
      ছিৰিয়া সীমান্তত এখন মানৱবিহীন বিমান ধ্বংস কৰে তুৰস্কই। এই মানৱবিহীন বিমানখনে এয়াৰস্পেচ নিয়ম উলংঘা কৰি ৬ বাৰকৈ প্ৰৱেশ কৰা বুলি প্ৰকাশ কৰিছে তুৰস্কই। অৱশ্যে এই ড্ৰ’নখন কোন দেশৰ সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

      খবৰ অনুসৰি, UAVখন ছিৰিয়াৰ অলেপ্প’ৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ উত্তৰত দক্ষিণ–পূব তুৰস্কৰ সীমান্তৱৰ্তী চহৰ কিলিছৰ সমীপত দেখা গৈছিল। ইয়াৰ পিছতে তুৰস্কৰ সেনাই দুখন F-16 যুঁজাৰু বিমানেৰে ধ্বংস কৰে ড্ৰ’নখন।

      তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনায় যে ড্ৰ’নখনৰ ধ্বংসাৱশেষ ছিৰিয়া সীমান্তৰ সমীপৰ কিলিছ অঞ্চলত পোৱা গৈছে। ইয়াৰ তদন্ত কৰি থকা হৈছে। ড্ৰ’নখনৰ ফটো প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে। ‘আজ টক’ত প্ৰকাশ পাইছে এই খবৰ।



      NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।


       

       
      First published: