এবাৰৰ বাবে কোৰোনাত আক্ৰান্ত হোৱাৰ অভিজ্ঞতা প্ৰায়ভাগৰে আছে। ভয়-শংকাৰ মাজত পাৰ হোৱা সেই দিন কোনোৱে পাহৰিব নোৱাৰে। কিন্তু তুৰস্কৰ সংবাদ সংস্থাৰ মতে, এনে এজন ব্যক্তি আছে, যি ৭৮ বাৰৰ বাবে কোৰোনা পজিটিভ (Man 78 Times Tested Corona Positive) । বিগত ১৪ মাহ তেওঁ নিৰন্তৰ কোৰোনাত আক্ৰান্ত হৈ আছে। প্ৰথমবাৰৰ বাবে ২০২০ত কোৰোনাই পাইছিল তেওঁক। তেতিয়াৰ পৰা তেওঁ ১৪ মাহ ধৰি নিৰন্তৰ আক্ৰান্ত হৈ আছে কোৰোনাত (Corona Positive)।
এই মানুহজনৰ নাম মুজাফাৰ কায়াচান (Muzaffer Kayasan) আৰু যোৱা এবছৰ ধৰি চিকিৎসালয়ত অহা-যোৱা কৰি আছে। প্ৰতিদিনে তেওঁ ঘৰলৈ উভতি আহিবলৈ অপেক্ষা কৰে, কিন্তু সেয়া নহয়। বাৰে বাৰে কোভিড টেষ্ট পজিটিভ আহে তেওঁৰ। কোভিডত আক্ৰান্ত হ'লেও স্বাস্থ্যৰ অৱস্থা তেনে শংকাজনক নহয়, কিন্তু দুৰ্ভাগ্যক্ৰমে কোভিড টেষ্টৰ ফলাফল ঋণাত্মক নহয়। এনে অৱস্থাত কায়চানৰ সামাজিক জীৱনৰ প্ৰায় অৱসান ঘটিছে। তেওঁ পৰিয়ালৰ সৈতেও সময় কটাব নোৱাৰে বা বন্ধুবৰ্গকো লগ কৰিব নোৱাৰে। তেওঁ আনকি কোৰোনা ভেকছিনো গ্ৰহণ কৰিব নোৱাৰিলে (Man Has Been in Isolation for 14 Months)।
কায়াচনৰ ক্ষেত্ৰত কিয় হৈছে এনে
দৰাচলতে, ৫৬ বছৰীয়া কায়াচান হৈছে লিউকেমিয়াত আক্ৰান্ত লোক, যি এক প্ৰকাৰৰ ৰক্ত কৰ্কট। এই ৰোগত শ্বেত ৰক্ত কণিকা হ্ৰাস হয় আৰু ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট হ্ৰাস হয়। চিকিৎসকসকলে কয় যে এই কাৰণতে কায়চানৰ তেজৰ পৰা কোৰোনা ভাইৰাছ নাইকিয়া হোৱা নাই। কায়চানৰ ঘটনাটো হৈছে এনেধৰণৰ প্ৰথম ঘটনা, য'ত ৰোগী ইমান দীঘলীয়া সময়ধৰি কোৰোনা পজিটিভ হৈ আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|