মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Turkey Earthquake: প্ৰকৃতিৰ ৰুদ্ৰৰূপ! ৫.৯ প্ৰাৱল্যৰ আন এক ভূমিকম্পই জোকাৰি গ'ল তুৰ্কীক

Turkey Earthquake: প্ৰকৃতিৰ ৰুদ্ৰৰূপ! ৫.৯ প্ৰাৱল্যৰ আন এক ভূমিকম্পই জোকাৰি গ'ল তুৰ্কীক

তুৰস্ক আৰু চুবুৰীয়া ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত ৪,০০০ ৰো অধিক লোক নিহত হোৱাৰ উপৰিও হাজাৰ হাজাৰ লোক আহত হয়।

তুৰস্ক আৰু চুবুৰীয়া ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত ৪,০০০ ৰো অধিক লোক নিহত হোৱাৰ উপৰিও হাজাৰ হাজাৰ লোক আহত হয়।

  • Share this:
আজি পুনৰ আন এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ তুৰ্কীক। এই ভূমিকম্প ৰিখটাৰ স্কেলত ৫.৯ প্ৰাবল্যৰ আছিল। সোমবাৰে অৰ্থাৎ ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰ্কী আৰু ছিৰিয়াত ভূমিকম্পই তীব্ৰ ধ্বংসৰ সৃষ্টি কৰিছিল। সোমবাৰে তুৰস্ক আৰু চুবুৰীয়া ছিৰিয়াত ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত ৪,০০০ ৰো অধিক লোক নিহত হোৱাৰ উপৰিও হাজাৰ হাজাৰ লোক আহত হয়।

ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ অট্টালিকা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আনকি বহুতো অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংসস্তূপলৈ পৰিণত হৈছে। অৱশ্যে, আহত তথা নিহত লোকৰ সংখ্যা এতিয়াও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কিয়নো উদ্ধাৰকাৰীসকলে এতিয়াও ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ লোকসকলক বিচাৰি আছে। সোমবাৰে,৭.৮ প্ৰাবল্যৰ প্ৰথম ভূমিকম্প সংঘটিত হৈছিল। যাৰ পিছত ভূমিকম্পৰ আৰু দুটা শক্তিশালী কম্পন হৈছিল, যাৰ তীব্ৰতা আছিল ক্ৰমান্বয়ে ৭.৬ আৰু ৬.০। আজি পুনৰ ভূমিকম্পৰ কম্পনে তুৰ্কীৰ লোকসকলক বেয়াকৈ শংকিত কৰিছে।

শেহতীয়া বাতৰি