মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »মা! মা ক’ত...?– তুৰ্কীত ভূমিকম্পৰ কবলত পৰা কনমাণিয়ে উদ্ধাৰৰ পিছতেই বিচাৰিলে মাতৃক

মা! মা ক’ত...?– তুৰ্কীত ভূমিকম্পৰ কবলত পৰা কনমাণিয়ে উদ্ধাৰৰ পিছতেই বিচাৰিলে মাতৃক

মানুহবোৰ শুই থকা অৱস্থাত ভূমিকম্পটো সংঘটিত হৈছিল আৰু ঠাণ্ডা বতৰৰ বাবে সাহায্য অভিযান আৰু জৰুৰীকালীন সেৱা অধিক কঠিন কৰি তুলিছে।

মানুহবোৰ শুই থকা অৱস্থাত ভূমিকম্পটো সংঘটিত হৈছিল আৰু ঠাণ্ডা বতৰৰ বাবে সাহায্য অভিযান আৰু জৰুৰীকালীন সেৱা অধিক কঠিন কৰি তুলিছে।

  • Share this:
সোমবাৰে তুৰ্কী আৰু চিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্প এই দশকৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্পৰ ভিতৰত অন্যতম। এই ভূমিকম্পত ৪০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ভূমিকম্পৰ  কবলত পৰা লোকসকলক উদ্ধাৰকাৰীসকলে নিৰন্তৰ উদ্ধাৰ কৰি আছে। সোমবাৰে নিশা এটি কনমাণি শিশুক উদ্ধাৰ কৰোতে শিশুটিয়ে পোনপ্ৰথমে মাকক বিচাৰে। মৃত্যুৰ পৰা কথমপি ৰক্ষা পৰি নিজ মাতৃৰ সুৰক্ষাৰ কথা চিন্তা কৰা দেখা গ’ল কণমানি শিশুটিক। মাকৰ সৈতে সন্তানৰ গভীৰ সম্পৰ্ক থাকে আৰু এই মৰম, ঘনিষ্ঠতা অতুলনীয়। নিজৰ দুখ, কষ্টৰ মাজতো শিশুটোৱে মাতৃৰ সুৰক্ষাৰ কথা চিন্তা কৰা দেখি উদ্ধাৰকাৰীৰ লগতে উপস্থিত লোকসকলোকে আৱেগিক কৰি তোলে।

উল্লেখযোগ্য যে,  ভূমিকম্পৰ কেন্দ্ৰস্থল তুৰ্কীৰ নুৰদাগী চহৰৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ পূব আনাটোলিয়ান ত্ৰুটিৰ ওপৰত প্ৰায় ১৮ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল। ভূমিকম্পটো উত্তৰ-পূবৰ ফালে পুনৰ ঘূৰি আহে, যাৰ ফলত মধ্য তুৰ্কী আৰু চিৰিয়াত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ তীব্ৰ কম্পনে হাজাৰ হাজাৰ অট্টালিকা ধ্বংস কৰিছিল। ধ্বংসযজ্ঞটো ইমানেই ভয়ংকৰ আছিল যে উদ্ধাৰকাৰীসকলে জীৱিত সকলক উদ্ধাৰ কৰিবলৈ কোনোমতে খনন কৰিব লগা হৈছিল।  জানিব পৰা মতে,  মানুহবোৰ শুই থকা অৱস্থাত ভূমিকম্পটো সংঘটিত হৈছিল আৰু ঠাণ্ডা বতৰৰ বাবে সাহায্য অভিযান আৰু জৰুৰীকালীন সেৱা অধিক কঠিন কৰি তুলিছে।

এই দুৰ্ঘটনাৰ পিছতেই তুৰ্কীয়ে সাত দিনৰ শোক ঘোষণা কৰিছে। শীতকালৰ বৰফৰ ধুমুহাৰ ফলত মুখ্য ৰাস্তাবোৰ বৰফৰে আৱৰি পৰে। বিষয়াসকলে কৈছিল যে, ভূমিকম্পটোৱে অঞ্চলটোৰ তিনিটা মুখ্য বিমানবন্দৰ নিষ্ক্ৰিয় কৰি দিছিল, যাৰ ফলত গুৰুত্বপূৰ্ণ সাহায্য প্ৰদান অধিক জটিল হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কয় যে, সোমবাৰে প্ৰথম ভূমিকম্পটো তুৰ্কীৰ গাজিয়াণ্টেপ চহৰৰ ওচৰত প্ৰায় ১৮ কিলোমিটাৰ গভীৰতাত পুৱা ৪ বাজি ১৭ মিনিটত আঘাত প্ৰাপ্ত হৈছিল, য'ত প্ৰায় ২০ লাখ লোক বাস কৰে।

ডেনিছ ভূতাত্ত্বিক প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি তুৰ্কীত হোৱা মূল ভূমিকম্পৰ প্ৰায় আঠ মিনিট পিছত গ্ৰীণলেণ্ডৰ পূব উপকূলত ভূমিকম্পটো অনুভৱ কৰা হৈছিল। দুৰ্যোগ ব্যৱস্থাপনা সংস্থাটোৱে কৈছিল যে তুৰ্কীত  ১২,০০০ ৰো অধিক লোক আহত হৈছিল, আনহাতে, চিৰিয়াই কৈছিল যে কমেও ৩,৪১১ জন লোক আহত হৈছে। এই কঠিন সময়ত তুৰ্কীক সহায় কৰিবলৈ ভাৰতৰ পৰা এটা এনডিআৰএফ দলও প্ৰেৰণ কৰা হৈছে। ধ্বংসাৱশেষৰ তলত আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে।

উল্লেখনীয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, অঞ্চলটোত ১৯৭০ চনৰ পৰা ৰিখটাৰ স্কেলত মাত্ৰ তিনিটা ভূমিকম্প ৬.০ প্ৰাবল্যৰ ওপৰত নথিভুক্ত কৰা হৈছে। কিন্তু ১৮২২ চনত অঞ্চলটোত ৭.০ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত আনুমানিক ২০,০০০ লোকৰ মৃত্যু হৈছিল।

শেহতীয়া বাতৰি