মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Turkey Earthquake: তুৰস্কৰ ভূমিকম্পত ১৫০ জনতকৈ অধিক লোক নিহত, চুবুৰীয়া দেশ ছিৰিয়াত মৃত্যুৰ সংখ্যা বৃদ্ধি, ইটালীয়ে জাৰি কৰিলে চুনামীৰ সতৰ্কবাণী

Turkey Earthquake: তুৰস্কৰ ভূমিকম্পত ১৫০ জনতকৈ অধিক লোক নিহত, চুবুৰীয়া দেশ ছিৰিয়াত মৃত্যুৰ সংখ্যা বৃদ্ধি, ইটালীয়ে জাৰি কৰিলে চুনামীৰ সতৰ্কবাণী

মৃত্যুৰ সংখ্যা ৫৩ লৈ বৃদ্ধি, চুবুৰীয়া ছিৰিয়াত ৪২ জন লোকৰ মৃত্যুৰ বাতৰি

Turkey Earthquake: অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে দুয়োখন দেশতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

  • Share this:

সোমবাৰে পুৱাই দক্ষিণ তুৰস্কত ৭.৯ ৰিখটাৰ স্কেলৰ ভয়ংকৰ ভূমিকম্পই কঁপাইছিল আৰু তুৰস্কত ৫৩ জন লোকৰ মৃত্যু হয় আৰু ছিৰিয়াত কমেও ৪২ জন লোকৰ মৃত্যু হয়। দিয়াৰবাকিৰ, আদানা আৰু গাজিয়ানেপ চহৰৰ কেইবাটাও আৱাসগৃহ ভাঙি পৰিছে। ছিৰিয়াৰ হামা চহৰতো ভাঙিছে অট্টালিকা।


শেহতীয়া খবৰ অনুসৰি, তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত শতাধিক লোকৰ মৃত্যু হৈছে। তুৰস্কত কমেও ৫৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ছিৰিয়াত কমেও ৪৩ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।। অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে দুয়োখন দেশতে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।





সোমবাৰে পুৱা তুৰস্ক আৰু ছিৰিয়াই হোৱা ভূমিকম্পৰ ভয়াৱহ পৰৱৰ্তী প্ৰভাৱৰ লগে লগে মৃত্যুৰ সংখ্যা হাজাৰৰ সীমা অতিক্ৰম কৰিব পাৰে বুলি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য় যে, দক্ষিণ তুৰস্কত ৭.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত কেইবাশ ছিৰিয়া আৰু তুৰ্কী নাগৰিক আহত হয়

শেহতীয়া বাতৰি