মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Turkey Earthquake | তুৰস্কত ভয়ংকৰ ভূমিকম্পত ১৫জনৰ মৃত্যু, বহু অট্টালিকা ক্ষতিগ্ৰস্ত!

Turkey Earthquake | তুৰস্কত ভয়ংকৰ ভূমিকম্পত ১৫জনৰ মৃত্যু, বহু অট্টালিকা ক্ষতিগ্ৰস্ত!

স্থানীয় সূত্ৰ অনুসৰি, ওছমানিয়া প্ৰান্তত পাঁচজন লোকৰ মৃত্যু হৈছে আৰু ছিৰিয়াৰ সৈতে তুৰ্কীৰ সীমাৰ সমীপৰ ছানলিউৰফাত ১০জন লোকৰ মৃত্যু হৈছে এই ভূমিকম্পৰ ফলত।

স্থানীয় সূত্ৰ অনুসৰি, ওছমানিয়া প্ৰান্তত পাঁচজন লোকৰ মৃত্যু হৈছে আৰু ছিৰিয়াৰ সৈতে তুৰ্কীৰ সীমাৰ সমীপৰ ছানলিউৰফাত ১০জন লোকৰ মৃত্যু হৈছে এই ভূমিকম্পৰ ফলত।

  • Share this:
তুৰস্কত ভয়ংকৰ ভূমিকম্প (Turkey Earthquake)। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এই ভূমিকম্পৰ ফলত মৃত্যু হৈছে ১৫জন লোকৰ। ৰিখটাৰ স্কেলত ভূঁইকঁপৰ প্ৰাবল্য আছিল ৭.৮। সোমবাৰে তুৰ্কীৰ দক্ষিণ–পূব অংশত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

স্থানীয় সূত্ৰ অনুসৰি, ওছমানিয়া প্ৰান্তত পাঁচজন লোকৰ মৃত্যু হৈছে আৰু ছিৰিয়াৰ সৈতে তুৰ্কীৰ সীমাৰ সমীপৰ ছানলিউৰফাত ১০জন লোকৰ মৃত্যু হৈছে এই ভূমিকম্পৰ ফলত।

গভৰ্ণৰ এদ্ৰিংক ইলমাজে কয় যে ৩৪টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে এই ভূমিকম্পৰ ফলত। স্থানীয় সময় অনুসৰি, পুৱা ৪.১৭ বজাত অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি। চৰকাৰৰ দুৰ্যোগ প্ৰশমন সংস্থা এএফএডিৰ মতে, ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৪।

ইউএছজিএছে প্ৰথম ভূমিকম্পৰ ১৫ মিনিট পিছত আন এটা ভূমিকম্পৰ সূচনা দিয়ে, যিটোৰ প্ৰাবল্য ৬.৭। এফপিৰ মতে, লেবনান, ছিৰিয়া আরু ছাইপ্ৰাছতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।


তুৰ্কী চৰকাৰে এতিয়ালৈ কোনো লোকৰ মৃত্যু বা আহত হোৱাৰ তথ্য সদৰি কৰা নাই, কিন্তু ছচিয়েল নেটৱৰ্কিং ছাইটত পোষ্ট কৰা ভিডিঅ’ত দেশখনৰ দক্ষিণ–পূবত কেইবাখনো চহৰত ক্ষতিগ্ৰস্ত হোৱা অট্টালিকা দেখুওৱা হৈছে। উল্লেখযোগ্য যে তুৰ্কী হৈছে বিশ্বৰ আটাইতকৈ ভূমিকম্পপ্ৰৱণ অঞ্চলৰ অন্যতম।

শেহতীয়া বাতৰি