• Home
  • »
  • News
  • »
  • world
  • »
  • হিৰো আলমক গান নাগাবলৈ সকীয়াই দিলে আৰক্ষীয়ে, কি কৰিলে হিৰো আলমে?

হিৰো আলমক গান নাগাবলৈ সকীয়াই দিলে আৰক্ষীয়ে, কি কৰিলে হিৰো আলমে?

হিৰো আলমে কয়, ‘আৰক্ষীয়ে মোক ৬ বজাত উঠাই নিছিল আৰু ৮ ঘণ্টা ৰাখিছিল। মোক সুধিছিল যে মই কিয় ৰবীন্দ্ৰ আৰু নজৰুল গীত গাইছো।’

  • Share this:
বাংলাদেশৰ ইউটিউবাৰ, ‘আউট অব টিউন’ গায়ক, অভিনেতা হিৰো আলমক আপুনি নিশ্চয় চিনি পায়। ছচিয়েল মিডিয়াত তেওঁৰ আছে বহু ফলোৱাৰ। বিভিন্ন সময়ত তেওঁ ছচিয়েল মিডিয়াত চৰ্চিত হৈ থাকে। তেওঁক লৈ সৃষ্টি হয় মিমছ। কিন্তু এইবাৰ হিৰো আলমে লাভ কৰিলে আৰক্ষীৰ সকীয়নি। গান গোৱা বন্ধ কৰিবলৈ হিৰো আলমক সকীয়াই দিছে আৰক্ষীয়ে। শাস্ত্ৰীয় সংগীতৰ বেদনাদায়ক পৰিৱেশন বন্ধ কৰিবলৈ সকীয়াই দিয়ে আৰক্ষীয়ে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত সৃষ্টি হৈছে হুলস্থুল।

শেহতীয়াকৈ ন’বেল বঁটা বিজয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু বাংলাদেশৰ জাতীয় কবি কাজি নজৰুল ইছলামৰ গানৰ আধুনিক উপস্থাপনৰ বাবে সমস্যাত পৰিল হিৰো আলম। বুধবাৰে হিৰো আলমে এএফপিক জনায় যে যোৱা সপ্তাহত আৰক্ষীয়ে তেওঁক ‘মানসিক অত্যাচাৰ’ চলাইছে, তেওঁক শাস্ত্ৰীয় সংগীত গোৱা বন্ধ কৰিবলৈ কোৱা হৈছে।

হিৰো আলমে কয়, ‘আৰক্ষীয়ে মোক ৬ বজাত উঠাই নিছিল আৰু ৮ ঘণ্টা ৰাখিছিল। মোক সুধিছিল যে মই কিয় ৰবীন্দ্ৰ আৰু নজৰুল গীত গাইছো।’

ঢাকাৰ মুখ্য চোৰাংচোৱা হৰুণ উৰ ৰছিদে সাংবাদিকৰ আগত কয় যে আলোমে নিজৰ ভিডিঅ’সমূহত আদৰৰ গীতবোৰ গোৱাৰ বাবে আৰু অনুমতি অবিহনে আৰক্ষীৰ ইউনিফৰ্ম পৰিধান কৰাৰ বাবে ক্ষমা বিচাৰিছিল। তেওঁৰ বিৰুদ্ধে আমি বহু অভিযোগ পাইছিলোঁ বুলিও কয় হাৰুণে।

ঢাকাৰ উপ-আৰক্ষী আয়ুক্ত ফাৰুক হোছেইনে ৩৭ বছৰীয়া আলমে তেওঁৰ নাম সলনি কৰিবলৈও হেঁচা প্ৰয়োগ কৰা বুলি কৰা দাবী নাকচ কৰে। তেওঁ এএফপিক কয় যে তেওঁ কেৱল ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈহে এই মন্তব্য কৰিছে।
Published by:Sanjay Kumar Das
First published: