• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine Crisis : প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছতো চুমীত আৱদ্ধ ৭০০ ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ হৈ উঠা নাই মানৱ কৰিড’ৰ

Russia Ukraine Crisis : প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছতো চুমীত আৱদ্ধ ৭০০ ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ হৈ উঠা নাই মানৱ কৰিড’ৰ

সোমবাৰে যুযুধান ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰধানমন্ত্ৰীৰ আহ্বানক কাৰ্যকৰী নকৰাৰ কাৰণে নিৰাপত্তা পৰিষদত গৰজি উঠিল ভাৰতৰ প্ৰতিনিধি।

সোমবাৰে যুযুধান ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰধানমন্ত্ৰীৰ আহ্বানক কাৰ্যকৰী নকৰাৰ কাৰণে নিৰাপত্তা পৰিষদত গৰজি উঠিল ভাৰতৰ প্ৰতিনিধি।

সোমবাৰে যুযুধান ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰধানমন্ত্ৰীৰ আহ্বানক কাৰ্যকৰী নকৰাৰ কাৰণে নিৰাপত্তা পৰিষদত গৰজি উঠিল ভাৰতৰ প্ৰতিনিধি।

  • Share this:
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো চুমীত আৱদ্ধ ৭০০ ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ হৈ উঠা নাই মানৱ কৰিড’ৰ। সোমবাৰে যুযুধান ৰাছিয়া আৰু ইউক্ৰেইনে প্ৰধানমন্ত্ৰীৰ আহ্বানক কাৰ্যকৰী নকৰাৰ কাৰণে নিৰাপত্তা পৰিষদত গৰজি উঠিল ভাৰতৰ প্ৰতিনিধি।

ৰাষ্ট্ৰ সংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধ টি এছ তিৰুমূৰ্তিয়ে কয় – ভাৰতে দুয়োখন দেশক বাৰম্বাৰ চুমীৰ পৰা ভাৰতীয়ৰ উদ্ধাৰ কাৰণে Safe Passageৰ আহ্বান জনোৱাৰ পিছতো সেয়া হৈ উঠা নাই। তেওঁ দুয়োখন দেশে ইয়াৰ কাৰণে ইখনে আনখনক দোষাৰোপ কৰা কাৰ্যক গৰিহণা দিয়ে। সোমবাৰ পর্যন্ত দুয়ো দেশে তিনি লানি আলোচনা কৰাৰ পিছতো মানৱ কৰিড’ৰৰ পৰিকল্পনা কাৰ্যকৰী নহ’ল। ইউক্ৰেইনৰ অভিযোগ, মানৱ কৰিড’ৰেদি চুমীৰ পৰা উদ্ধাৰ হোৱাসকলে ৰাছিয়াত শৰণ লোৱাৰ চৰ্ত বান্ধি দিছে পুটিনে।

আনহাতে, ৰাছিয়াৰ অভিযোগ, ইউক্ৰেইন সেনাই সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি উদ্ধাৰ কার্যত ব্যাঘাতৰ সৃষ্টি কৰিছে। এই অভিযোগ প্ৰতি-অভিযোগৰ মাজত যুদ্ধক্ষেত্ৰ চুমীত অনাহাৰে-অনিদ্ৰাই বাংকাৰত মাইনাছ ৭ ডিগ্ৰী চেলচিয়াছৰ ভয়ংকৰ শীতত দিন পাৰ কৰিছে যুদ্ধৰে কোনো ধৰণৰ সংযোগ নথকা ভাৰতৰ ৭০০ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে।

চুমীত আৱদ্ধ হৈ আছে অসমৰ ৪১জন শিক্ষাৰ্থী। অসমৰ কেইজনৰ লগতে আৱদ্ধ হৈ থকা ভাৰতীয়সকল চুমী ষ্টেট ইউনিভাৰ্চিটিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী। যুদ্ধ বিৰতি ঘোষণাৰ পিছত এইসকল নিৰাপদ স্থানলৈ প্ৰস্থান কৰিবলৈ সাজু হৈ আছিল যদিও ভাৰতীয় দূতাবাসৰে সমন্বয়ৰ অভাৱতে সেয়া হৈ উঠা পৰিলক্ষিত হোৱা নাই।
Published by:Sanjay Kumar Das
First published: