ট্ৰাম্পৰ শৰীৰত কমি গৈছে অক্সিজেনৰ পৰিমাণ, দুঃচিন্তাত চিকিৎসক!

News18 Assam | News18-Assam
Updated:October 5, 2020, 10:26 AM IST
ট্ৰাম্পৰ শৰীৰত কমি গৈছে অক্সিজেনৰ পৰিমাণ, দুঃচিন্তাত চিকিৎসক!
ট্রাম্পৰ চীফ অৱ ষ্টাফ মার্ক মেডোজৰ মতে, ৰাষ্ট্ৰপতিৰ অৱস্থা অত্যন্ত উদ্বেগজনক। নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে এই খবৰ।

ট্রাম্পৰ চীফ অৱ ষ্টাফ মার্ক মেডোজৰ মতে, ৰাষ্ট্ৰপতিৰ অৱস্থা অত্যন্ত উদ্বেগজনক। নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে এই খবৰ।

  • Share this:
ৱাশ্চিংটনঃ কোৰোণা পজিটিভ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অৱস্থা ভাল নহয়। ড’নাল্ড ট্ৰাম্পৰ মেডিকেল বুলেটিন শনিবাৰে সন্মুখলৈ আহিছে। এই বুলেটিন অনুসৰি পৰৱৰ্তী ৪৮ঘণ্টা ট্ৰাম্পৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ’ব। তেওঁৰ জ্বৰ নাই। কেৱল কিছু পাতল লক্ষণে দেখা দিছে। হোৱাইট হাউচৰ পৰা জাৰি কৰা বুলেটিনত ৰাষ্ট্ৰপতিৰ স্বাস্থ্যক লৈ বিশেষ কোৱা হোৱা নাই।

ট্ৰাম্পৰ চীফ অৱ ষ্টাফ মাৰ্ক মেডোজৰ ব্যক্তব্য মতে ৰাষ্ট্ৰপতিৰ অৱস্থা অতি উদ্বেগজনক। এই খবৰ প্ৰকাশ পাইছে নিউয়ৰ্ক টাইমছত। খবৰ অনুসৰি দেওবাৰে ট্ৰাম্পৰ শৰীৰৰ অৱস্থাৰ হঠাৎ অৱনতি ঘটিছে। মেডিকেল বুলেটিনত ট্ৰাম্পৰ চিকিৎসকে জনাইছে দেওবাৰে দুবাৰ ট্ৰাম্পৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত মাৰ্কিন ৰাষ্ট্ৰপতিজনক ষ্টেৰয়ড দিবলগীয়া হয় চিকিৎসকে।

ড’নাল্ড ট্ৰাম্পৰ পত্নী মেলানিয়াও কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। ৱাল্টাৰ ৰিড আৰ্মী হাস্পতালত তেওঁৰ চিকিৎসা চলিছে। আনহাতে মেলানিয়া হোৱাইট হাউচত আইছ’লেশ্যনত আছে। ট্ৰাম্পক শুকুৰবাৰে কোৰোণা পজিটিভ ঘোষণা কৰা হয়। টুইটৰ জৰিয়তে ট্ৰাম্পে জনাইছিল দুয়ো কোৰোণাত আক্ৰান্ত হোৱাৰ কথা। হোৱাইট হাউচৰ ফালৰ পৰা জনাইছে ট্ৰাম্পে অৱসাদ অনুভৱ কৰিছে তথাপিও তেওঁ সোনকালে সুস্থ হৈ উঠিব বুলি আশাবাদী।

হোৱাইট হাউচৰ পৰা প্রকাশিত তথ্যত কোৱা হৈছে, মার্কিন প্রেচিডেন্টক মেলেৰীয়া জ্বৰৰ ঔষধ দিয়া হৈছে। কোৰোণা সংক্ৰমণৰ কোনো নিৰাময় নাই সেইকাৰণে ভাইৰাছবিধ দুৰ্বল কৰাৰ ক্ষেত্ৰত যি ঔষধৰ চৰ্চা সৰ্বাধিক তাৰ মাজতে হৈছে ৰেমডিচিভিৰ। যোৱা মে’ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত গুৰুতৰভাৱে অসুস্থ কোৰোণা ৰোগীৰ চিকিৎসাৰ কাৰণে এই ঔষধৰ অনুমোদন জনোৱা হৈছিল। ৰেমডিচিভিৰ আমেৰিকাৰ ফাৰ্মা সংস্থা গিলিয়েডৰ এটা এণ্টিভাইৰেল ড্ৰাগ। এই ঔষধৰ প্ৰচুৰ পৰিমাণে অৰ্ডাৰ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই।
First published: October 5, 2020, 10:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading