পাকিস্তানত গ্ৰেপ্তাৰ হ’ল সন্ত্ৰাসবাদী হাফিজ ছৈয়দ, কিন্তু আমেৰিকাৰ হোৱা নাই বিশ্বাস!

News18-Assam
Updated:July 21, 2019, 3:34 PM IST
পাকিস্তানত গ্ৰেপ্তাৰ হ’ল সন্ত্ৰাসবাদী হাফিজ ছৈয়দ, কিন্তু আমেৰিকাৰ হোৱা নাই বিশ্বাস!
ট্ৰাম্প প্ৰশাসনৰ দাবী হাফিজ ছৈয়দৰ গ্ৰেপ্তাৰে আমেৰিকা আৰু সন্ত্ৰাসবাদী সংগঠন লস্কাৰ–ই–তৈবাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়!

ট্ৰাম্প প্ৰশাসনৰ দাবী হাফিজ ছৈয়দৰ গ্ৰেপ্তাৰে আমেৰিকা আৰু সন্ত্ৰাসবাদী সংগঠন লস্কাৰ–ই–তৈবাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়!

  • Share this:
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়া পাকিস্তানে নিজকে অন্য ধৰণে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে! সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক বুলি সদায়েই অভিযোগ থকা পাকিস্তানে দুধৰ্ষ সন্ত্ৰাসবাদী হাফিজ ছৈয়দক গ্ৰেপ্তাৰ কৰি বিশ্ব ৰাজনীতিক প্ৰভাৱিত কৰাৰ চেষ্টা কৰাৰ সময়তে এইবাৰ মুখ খুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।

সন্ত্ৰাসবাদী হাফিজ ছৈয়দক পাকিস্তানে গ্ৰেপ্তাৰ কৰিলে যদিও, বিষয়টোক এতিয়াও বিশ্বাস কৰিব পৰা নাই আমেৰিকাই! ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰশাসনে সমগ্ৰ বিষয়টোক এতিয়া সন্দেহৰ দৃষ্টিৰে চাইছে। আমেৰিকাই স্পষ্ট ৰূপত কয় যে, যিদৰে পাকিস্তানে দুধৰ্ষ সন্ত্ৰাসবাদী হাফিজ ছৈয়দক গ্ৰেপ্তাৰ কৰা বুলি প্ৰচাৰ চলাইছে, এনেধৰণৰ প্ৰচাৰ পাকিস্তানে আগতেও চলাইছিল। সেইদৰে হাফিজ ছৈয়দৰ গ্ৰেপ্তাৰে আমেৰিকা আৰু সন্ত্ৰাসবাদী সংগঠন লস্কাৰ–ই–তৈবাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।



ট্ৰাম্প প্ৰশাসনৰ এগৰাকী বিষয়াই উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হাফিজ ছৈয়দক গ্ৰেপ্তাৰ কৰি পাকিস্তানে সমগ্ৰ বিশ্বকে মুৰ্খহে সজাইছে বুলি তীৰ্যক মন্তব্য কৰে। উল্লেখযোগ্য যে ২০০৯ চনত সংঘটিত হোৱা সন্ত্ৰাসবাদী সংঘৰ্ষৰ এক গোচৰত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী হাফিজ ছৈয়দক লাহোৰৰ পৰা গ্ৰেপ্তাৰ কৰে। হাফিজ ছৈয়দক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। কিন্তু হাফিজ ছৈয়দেও এতিয়া নিজৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাৰ কথা উল্লেখ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি