কপাল ভাল থাকিলে কি নহয়! ভাগ্য যদি সংগী হয়, তেনেহ’লে য’তে ত’তে পাব পাৰে বহুমূলীয়া ৰত্ন। আৰু কপাল ভাল নাথাকিলে অজানিতেই হেৰুৱাব পাৰে বহুমূলীয়া সম্পদ। এই ঘটনাটোত ভাগ্য ভাল থকাৰ কাৰণে পৰিয়াল এটাৰ জীৱন কেনেকৈ সলনি হ’ল তাৰ। ভাগ্যদেৱী ইমানেই সুপ্রসন্ন আছিল যে, এনিশা চাৰে তিনি কেজি সোণ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰিলে পৰিয়ালটোৱে। পৰিয়ালটোৱে নিজকে গুপ্তধন আৱিষ্কাৰক বুলি কৈয়েই ভাল পায়। তেওঁলোক ভিক্টোৰিয়াৰ তাৰনাগুলা এলেকাৰ মাটিৰ তলৰ পৰা পায় প্ৰায় চাৰে তিনি কেজি সোণ। মার্কিন ডলাৰৰ হিচাপত ইয়াৰ মূল্য প্ৰায় চাৰে তিনি লাখ ডলাৰ। মানে ভাৰতীয় টকাৰ হিচাপত এই সোণৰ দাম প্রায় তিনি কোটি টকাৰ সমান। এককথাত, সোণৰ ভাণ্ডাৰে পৰিয়ালটোৰ ভাগ্য নিশাটোৰ ভিতৰতে সলনি কৰি দিছে।
উদ্ধাৰকাৰীয়ে জনায়, যি ঠাইত মাটি খান্দি তেওঁলোকে সোণ পাইছে সেইঠাইত সোণ আছে বুলি বাহিৰৰ পৰা কোনোপধ্যেই ধৰিব নোৱাৰি। কিন্তু সেই ঠাইতে আছিল সোণৰ ভাণ্ডাৰ। অৰ্থাৎ সোণ উদ্ধাৰৰ প্ৰক্ৰিয়া আছিল অতি ৰোমাঞ্চকৰ।
এতিয়া এই সোণৰ ৩০ শতাংশ অর্থও যদি এই পৰিয়ালটোৱে পায় তেনেহ’লে তেওঁলোকৰ জীৱন ভালকৈ পাৰ হ’ব। তেওঁলোকে জনায়, অতবছৰ ধৰি এই মাটিৰ তলত সোণ জমা আছিল, কিন্তু কোনোৱে সেয়া বিচাৰি পোৱা নাছিল। তেওঁলোকে প্ৰথম ইয়াৰ সন্ধান পালে। সৰু সৰু সোণৰ টুকুৰা মিলাই প্ৰায় চাৰে তিনি কেজি সোণ পোৱা গৈছে। সেয়াই তেওঁলোকে উদ্ধাৰ কৰিছে মাটিৰ তলৰ পৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|