Bangladesh Clash: মোদীৰ বাংলাদেশ ভ্ৰমণৰ পিছতেই দেশখনত অগ্নিগৰ্ভা পৰিস্থিতি, ৰে'ল-মন্দিৰত আক্ৰমণ, প্ৰাণ গ'ল ১১ জনৰ

News18 Assam | News18-Assam
Updated:March 29, 2021, 4:48 PM IST
Bangladesh Clash: মোদীৰ বাংলাদেশ ভ্ৰমণৰ পিছতেই দেশখনত অগ্নিগৰ্ভা পৰিস্থিতি, ৰে'ল-মন্দিৰত আক্ৰমণ, প্ৰাণ গ'ল ১১ জনৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশ ভ্ৰমণলৈ যোৱাৰ পিছৰ পৰাই দেশখনৰ বিভিন্ন প্ৰান্তত বিক্ষোভ প্ৰদৰ্শন কৰিছে মৌলবাদী, কট্টৰপন্থী ইছলামিক সংগঠনসমূহে। তেওঁলোকৰ দাবী, ভাৰতত সংখ্যালঘূ মুছলমানক নিৰ্যাতনত সহায় কৰিছে মোদীয়ে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকলৈ উত্তাল বাংলাদেশ। দেওবাৰ পৰ্যন্ত  অগ্নিগৰ্ভা হৈ আছিল চুবুৰীয়া ৰাষ্ট্ৰখন। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণৰ বিৰোধিতাৰে একাধিক মৌলবাদী সংগঠনে এই সন্ত্ৰাস চলায়। পূব বাংলাদেশৰ হিন্দু মন্দিৰ, ৰে'লত চলোৱা হয় আক্ৰমণ। সংঘৰ্ষ চলোৱাত জড়িত থকাৰ অভিযোগত ১১জন প্ৰতিবাদীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

যোৱা শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদী বাংলাদেশ ভ্ৰমণলৈ গৈছিল। কোৰোণা মহামাৰীৰ পিছত প্ৰথমবাৰলৈ বিদেশ ভ্ৰমণলৈ গৈছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। কিন্তু মোদী বাংলাদেশত উপস্থিত হোৱাৰ পিছৰ পৰাই দেশখনত মৌলবাদী আৰু কট্টৰপন্থী ইছলামিক সংগঠনে পৰিস্থিতি উত্তপ্ত কৰি তোলে। তেওঁলোকৰ দাবী, ভাৰতত সংখ্যালঘু মুছলমানৰ নিৰ্যাতনত ইন্ধন যোগাইছে মোদীয়ে। চট্টগ্ৰামৰ বিক্ষোভকাৰীক বাধা দিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ গুলীত ৪ জন লোকে ইতিমধ্যে মৃত্যুক সাৱটিলে।

শুকুৰবাৰে বাংলাদেশ প্ৰতিষ্ঠাৰ ৫০তম বৰ্ষপুৰ্তি অনুষ্ঠানলৈ আমন্ত্ৰিত হৈছিল মোদী। শনিবাৰে পুৱা মোদীয়ে পূজা দিয়ে বাংলাদেশৰ সাতক্ষীৰৰ যশোৰেশ্বৰী কালীমন্দিৰত। তাৰ পিছতে বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ সমাধিস্থলত শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পিছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে বৈঠকতো মিলিত হৈছিল প্ৰধানমন্ত্ৰী মোদী। বাংলাদেশক ১২ লাখ কোৰোণা টিকাৰ ডোজ উপহাৰ স্বৰূপে দিছে মোদীয়ে।
Published by: Himangshu Bhuyan
First published: March 29, 2021, 4:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি