সুন্দৰী মহিলাক আৰক্ষীৰ জৰিমনা, ক’লে – আপোনাক দেখি মানুহৰ মনোযোগ ভংগ হ’ব পাৰে

ইমানেই নহয়, চালানৰ ওপৰত স্পেনিছ ভাষাত মহিলাগৰাকীক প্ৰেম নিবেদনো কৰে আৰক্ষীগৰাকীয়ে।

news18assam
Updated:June 10, 2019, 7:19 PM IST
সুন্দৰী মহিলাক আৰক্ষীৰ জৰিমনা, ক’লে – আপোনাক দেখি মানুহৰ মনোযোগ ভংগ হ’ব পাৰে
সাংকেতিক ফটো
news18assam
Updated: June 10, 2019, 7:19 PM IST
এক আজৱ ঘটনা। স্কুটী চলাই গৈ আছিল এগৰাকী সুন্দৰী মহিলা। হঠাৎ যান–বাহন আৰক্ষীয়ে ৰখাই চালান কাটিলে মহিলাগৰাকীৰ। চালানত আৰক্ষীয়ে লিখিলে – আপোনাক দেখি ৰাস্তাৰে গৈ থকা মানুহৰ মনোযোগ ভংগ হ’ব পাৰে, যাৰ ফলত সংঘটিত হ’ব পাৰে দুৰ্ঘটনা। ইমানেই নহয়, চালানৰ ওপৰত স্পেনিছ ভাষাত মহিলাগৰাকীক প্ৰেম নিবেদনো কৰে আৰক্ষীগৰাকীয়ে। তেওঁ স্পেনিছ ভাষাত লিখিলে – মই তোমাক ভাল পাওঁ।

তাৰ পিছতে মহিলাগৰাকীয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰিলে এই চালানখন। কিছু সময় পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই পোষ্টটো। যান–বাহন আৰক্ষীৰ বিষয়াই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। বহু লোকে ছচিয়েল মিডিয়াত এই ঘটনাক লৈ প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।



এই কৰ্মকাণ্ডই বিপদ মাতি আনিব পাৰে যান–বাহন আৰক্ষীগৰাকীলৈ। বিভাগীয় তদন্তত যদিহে দোষী সাব্যস্ত হয় তেন্তে আইন অনুসৰি তেওঁক নিলম্বিত কৰা হ’ব পাৰে নাইবা চাকৰিৰ পৰা বৰ্খাস্ত কৰাও হ’ব পাৰে। ‘দৈনিক ভাস্কৰ’ত প্ৰকাশ পোৱা এই আজৱ ঘটনাটো সংঘটিত হৈছে উৰুগুৱেৰ পেছেন্দুত।
আৰু চাওক পৰৱৰ্তী বাতৰি