পাকিস্তানৰ সমৰ্থক চীনক এইবাৰ ভাৰতে দিব এশিকনী, ১ ছেপ্টেম্বৰৰ পৰা বৰ্জন ‘MADE IN CHINA’!

ভাৰতীয় ব্যৱসায়ীসকলে ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি চলাব চীনা সামগ্ৰী বৰ্জন অভিযান।

News18-Assam
Updated:August 30, 2019, 9:51 AM IST
পাকিস্তানৰ সমৰ্থক চীনক এইবাৰ ভাৰতে দিব এশিকনী, ১ ছেপ্টেম্বৰৰ পৰা বৰ্জন ‘MADE IN CHINA’!
ভাৰতীয় ব্যৱসায়ীসকলে ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি চলাব চীনা সামগ্ৰী বৰ্জন অভিযান।
News18-Assam
Updated: August 30, 2019, 9:51 AM IST
উৎসৱৰ বতৰত ভাৰতৰ বজাৰ ভৰি পৰে চীনা সামগ্ৰীৰে। ‘মেড ইন চাইনা’ লিখা খেলনা, ইলেকট্ৰ’নিক সামগ্ৰী, মোবাইল, গৃহসজ্জাকে ধৰি বিভিন্ন সামগ্ৰীৰে ভৰি পৰে ভাৰতৰ বজাৰ। কিন্তু শীঘ্ৰে ভাৰতৰ বজাৰত হ্ৰাস পাব চীনা সামগ্ৰীৰ দপদপনি। সন্ত্ৰাসবাদী আৰু পাকিস্তানক সমৰ্থন কৰাৰ বাবে ভাৰতৰ ব্যৱসায়ীয়ে চীনা সামগ্ৰী বৰ্জন কৰাৰ ঘোষণা কৰিছে।

ধাৰাবাহিকভাৱে চতুৰ্থবাৰলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক মুকলিকৈ সমৰ্থন কৰাক লৈ ক্ষুব্ধ ভাৰতৰ ব্যৱসায়ীসকল। সেয়েহে ভাৰতীয় ব্যৱসায়ীসকলে ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি চলাব চীনা সামগ্ৰী বৰ্জন অভিযান।

কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছে চৰকাৰক দাবী জনাইছে যে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত অত্যধিক কৰ আৰোপ কৰা হওক আৰু ঘৰুৱা উদ্যোগৰ বাবে এক স্পেচিয়েল পেকেজ ঘোষণা কৰা হওক। সংগঠনটোৱে চীনৰ সামগ্ৰীৰ ওপৰত ৫০০ শতাংশলৈ সীমা শুল্ক আৰোপ কৰাৰ দাবী জনাইছে।

ব্যৱসায়ীসকলৰ মতে চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ সঠিক কৰ লাভ কৰা নাই, যাৰ ফলত বহু পৰিমাণৰ ৰাজহ হেৰুৱাইছে দেশে। চীনৰ সামগ্ৰীৰ লেনদেনত হাৱালাৰ জৰিয়তে ধন আদান–প্ৰদান হোৱাৰো আশংকা কৰে ব্যৱসায়ীসকলে। ব্যৱসায়ীসকলৰ অভিযোগ – চীনা সামগ্ৰীৰ বাবে ভাৰতৰ অৰ্থব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছে। লঘু আৰু ঘৰুৱা উদ্যোগসমূহত বেয়া প্ৰভাৱ পৰিছে। বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা চীনলৈ যায়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি